Rupaliparda.com
ট্ৰোলৰ পৰা বাচিবলৈ টুইটাৰৰ পৰা অব্যাহতি সোণাক্ষী সিনহা সহিতে আন চিলেব্ৰেটীৰঃ 1

ট্ৰোলৰ পৰা বাচিবলৈ টুইটাৰৰ পৰা অব্যাহতি সোণাক্ষী সিনহা সহিতে আন চিলেব্ৰেটীৰঃ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত একাংশ অনুৰাগীয়ে চচিয়েল মিডিয়াত একাংশ আন বলীউড চিলেব্ৰেটীৰ ওপৰত খং প্ৰকাশ ও ট্ৰোল কৰা দেখিবলৈ পোৱা গৈছে। “নেপটিজিম” ক লৈও বিভিন্নজনে বিভিন্ন ধৰণে নিজৰ মত ব্যক্ত কৰাৰ লগতে ক্ষোভ উজাৰিছে। এই ট্ৰোল সমূহ সহ্য কৰিব নোৱাৰি অৱশেষত সোণাক্ষী সিনহাই টুইটাৰৰ পৰা অব্যাহতি লয়। অভিনেত্ৰী গৰাকীৰ সমান্তৰালকৈ বৰ্তমান আন আন চিলেব্ৰেটীও টুইটাৰৰ পৰা অব্যাহতি লোৱা দেখিবলৈ পোৱা গৈছে। সোণাক্ষী সিনহাই ঋণাত্মক ভাৱ-ধাৰা সমূহৰ পৰা আঁতৰি থাকিবলৈ টুইটাৰ এৰি দিয়া বুলি এক ষ্টেটাছ আপলোড কৰি তেওঁ আঁতৰি গৈছিল নিজ টুইটাৰ একাউন্টৰ পৰা। ঠিক তেনেদৰে,এইবাৰ ছলমান খানৰ ভনী জোঁৱাই আয়ূস শৰ্মা আৰু “নোটবুক” ৰ পৰা ছবি জগতত খোজ পেলোৱা অভিনেতা জহীৰ ইকবালেও একোটা পোষ্টৰ যোগেৰে টুইটাৰৰ পৰা অব্যাহতি লোৱা বুলি ঘোষণা কৰে।

https://www.instagram.com/p/CBp5HA5AcpP/?utm_source=ig_web_copy_link
ট্ৰোলৰ পৰা বাচিবলৈ টুইটাৰৰ পৰা অব্যাহতি সোণাক্ষী সিনহা সহিতে আন চিলেব্ৰেটীৰঃ 2


ছলমান খানৰ ভনী জোঁৱাই আয়ূস শৰ্মাই ষ্টেটাছ যোগে কয় যে, ” ২৮০ টা চৰিত্ৰ ৰূপায়নৰ দ্বাৰা এজন মনুষ্যৰ ভাল-বেয়া বিচাৰ কৰা অসম্ভৱ; কিন্তু এনে ২৮০ টা ভূৱা বাতৰিৰে ঋণাত্মক আৰু দ্বন্দৰ আৰম্ভণি কৰাটো সহজ।” ইয়াৰ লগতে, জহীৰ ইকবাল “গ্যুড বাই টুইটাৰ” লিখি টুইটাৰৰ পৰা আঁতৰি যায়। আচলতে, এতিয়া প্ৰশ্ন হয়; এয়া তেওঁলোকৰ ভয় নে নিজ মানসিক স্থিতিৰ ওপৰত ঋণাত্মক ভাৱ-ধাৰা পেলাব নোখোজাৰ দায়বদ্ধতা?

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.