Rupaliparda.com
হাৰ্টথ্ৰৱৰ সাংগীতিক যুঁটিঃ আহি আছে জুবিন গাৰ্গ ও দীপলিনাৰ "ভবাই নাছিলো"- 1

হাৰ্টথ্ৰৱৰ সাংগীতিক যুঁটিঃ আহি আছে জুবিন গাৰ্গ ও দীপলিনাৰ “ভবাই নাছিলো”-

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত এপিনে জুবিন গাৰ্গ আৰু আনপিনে কন্ঠশিল্পী দীপলিনা ডেকা; দুয়োগৰাকীৰ আহিবলগীয়া গীত সমূহে আচলতে ঘোষণাৰ পিছৰ পৰাই লাভ কৰে জনসাধাৰণৰ সঁহাৰি। তাতেই আকৌ দুয়োগৰাকীৰ কন্ঠক যদি একেটা গীততেই শুনিব পৰা যায় তেনেহ’লেটো কথাই নাই। ইয়াৰ বাবে হয়টো অপেক্ষাৰত এওঁলোকৰ অনুৰাগীও; গতিকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। অতি শীঘ্ৰেই আহি আছে দুয়োগৰাকী কন্ঠশিল্পীৰ যুঁটীয়া কন্ঠৰে “ভবাই নাছিলো”। ইয়াৰ পূৰ্বেও “ৰক্তবীজ” ছবিখনৰ “ধীৰে ধীৰে” গীতটোত একেলগে কন্ঠদান কৰিছিল দীপলিনা ও জুবিন গাৰ্গে। আহিবলগীয়া “ভবাই নাছিলো” গীতটিত কথা ৰাহুল দে’ দাসৰ আৰু গীতটিত সংগীত দিছে অনুপম কোঁৱৰে। Atlas Creation Production ৰ বেনাৰত নিৰ্মিত গীতটিৰ পৰিচালনা প্ৰবীণ বৰাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে বুবুল চন্দ্ৰ মেধিয়ে। জুবিন গাৰ্গৰ গীতসমূহৰ জনপ্ৰিয়তাৰ বিষয়ে আচলতে কোৱাৰ প্ৰয়োজন নাই কিন্তু বৰ্তমান সংগীত ক্ষেত্ৰখনত ক্ৰমশ সফলতাৰ চিৰি বগাইছে কন্ঠশিল্পী দীপলিনা ডেকাই।

হাৰ্টথ্ৰৱৰ সাংগীতিক যুঁটিঃ আহি আছে জুবিন গাৰ্গ ও দীপলিনাৰ "ভবাই নাছিলো"- 2


“নোৱাৰি নোৱাৰি” গীতটিৰ পৰা সংগীত ক্ষেত্ৰখনত নামি পৰা দীপলিনা এতিয়াৰে বহু যুৱপ্ৰজন্মৰ হৃদয়ৰ বাস কৰা এগৰাকী কন্ঠশিল্পী। দীপলিনাই ৰোমান্টিক গীতৰ ক্ষেত্ৰত নিজৰ খুঁটি মজবুত কৰা বুলি ক’লেও অতিৰঞ্জিত নহ’ব কিয়নো তেওঁৰ বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত প্ৰায় প্ৰতিটো গীততেই ইতিমধ্যে লাগিছে জনপ্ৰিয়তাৰ মোহৰ। “চুই দিয়ানা” ৰ পৰা আৰম্ভ কৰি সদ্যমুক্তিপ্ৰাপ্ত “মধুলগন” য়ে এতিয়াও একাংশৰ হিটলিষ্টত নিজৰ ঠাই বনাবলৈ সক্ষম হৈছে। কেৱল মাত্ৰ সংগীতেই নহয়; দীপলিনা ও জুবিন গাৰ্গৰ অভিনয়ৰ যুঁটিটোকো পচন্দ কৰিছিল অসমীয়া ৰাইজে।

হাৰ্টথ্ৰৱৰ সাংগীতিক যুঁটিঃ আহি আছে জুবিন গাৰ্গ ও দীপলিনাৰ "ভবাই নাছিলো"- 3


“মিছন চাইনা” ত দুয়োগৰাকীৰ অভিনয় উপভোগ কৰিছিল অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকে। ২ কোটি টকাৰ বাজেটেৰে নিৰ্মিত এই ছবিখন বস্ক অফিচ কালেকচন কৰিছিল ৫ কোটি টকা।

Add comment

Leave a Reply