Rupaliparda.com
"গোলমাল এগেইন" ৰে শ্ৰীগণেশ ছবিগৃহৰ: 1

“গোলমাল এগেইন” ৰে শ্ৰীগণেশ ছবিগৃহৰ:

“ক’ৰ’ণা ভাইৰাছ” ৰ আতংকৰ ফলত দেশত সকলো প্ৰক্ৰিয়াই বন্ধ হৈ গৈছিল আৰু ইয়াৰ ভিতৰত মূল আছিল চিত্ৰগৃহ সমূহ। কিন্তু এতিয়া ভাইৰাছৰ প্ৰকোপ যিসমূহ ঠাইত কমিবলৈ আৰম্ভ কৰিছে তাত ইতিমধ্যে লোক সকল দৈনন্দিন জীৱন-যাত্ৰালৈ ঘূৰি অহা দেখিবলৈ পোৱা গৈছে। নিউজিলেণ্ড এনে এখন দেশ; যি বৰ্তমান ক’ৰ’ণা মুক্ত হোৱাৰ উপৰিও তাত বৰ্তমান ছবিগৃহ সমূহো খুলিবলৈ আৰম্ভ কৰিছে। কিন্তু নিউজিলেণ্ডত ছবিগৃহ খোলা হ’ব এখন পূৰণি ও জনপ্ৰিয় কমেডী ছবিৰে।

ৰিয়ালেন্স এন্টাৰটেইনমেন্টে এক টুইটৰ দ্বাৰা কয় যে, “কীৱীজ থিয়েটাৰত আকৌ এবাৰ উভতি আহিছে “গোলমাল এগেইন”; ক’ভিড ১৯ ৰ আতংকৰ পিছত দেখিবলৈ পোৱা ই হ’ব প্ৰথমখন ছবি।” গোলমাল এগেইন ৰোহিট ছেট্টীৰ দ্বাৰা ২০১৭ চনত নিৰ্দেশনা কৰা হৈছিল আৰু এই ছবিখনৰ সেইটো সময়ত বক্স অফিচ কালেকচন আছিল ২০০ কোটিতকৈও ওপৰত। ইয়াৰ উপৰিও, এইখন অজয় দেৱগণৰ প্ৰথম ছবি আছিল যিয়ে লাভ কৰিছিল ২০০ কোটি টকীয়া লাভ।

"গোলমাল এগেইন" ৰে শ্ৰীগণেশ ছবিগৃহৰ: 2


২৫ জুনৰ পৰা চিত্ৰগৃহত পুনৰ বাৰ “গোলমাল এগেইন” প্ৰদৰ্শিত কৰাক লৈ উৎফুল্লিত হৈ পৰিছে ছবিখনৰ পৰিচালক ৰোহিট ছেট্টীও। অজয় দেৱগণৰ উপৰিও ছবিখনত অভিনয় কৰিছিল অৰশদ বাৰসী, তুষাৰ কাপুৰ, শ্ৰেষস তালপাড়ে, কূণাল খেমু, জনী লিভাৰ, সঞ্জয় মিশ্ৰা, প্ৰকাশ ৰাজ আৰু নীল নীতিন মুকেশে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform