Rupaliparda.com
চৰকাৰ, প্ৰশাসন ও চিকিৎসা কৰ্মীলৈ জয় বৰুৱাই জ্ঞাপন কৰিলে কৃতজ্ঞতাঃ 1

চৰকাৰ, প্ৰশাসন ও চিকিৎসা কৰ্মীলৈ জয় বৰুৱাই জ্ঞাপন কৰিলে কৃতজ্ঞতাঃ

বিগত মাৰ্চ মাহৰ পৰা নিৰৱচ্চিন্নভাৱে কৰ্মৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা চৰকাৰ, প্ৰশাসন, চিকিৎসালয় বিভাগক এটি গীতেৰে ধন্যবাদ জ্ঞাপন কৰিলে জয় বৰুৱাকে ধৰি অসমীয়া কলা-কুশলীয়ে। কিছুদিন পূৰ্বে কন্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাইও “আমি হ’মেই সফল” শীৰ্ষক গীতটিৰ দ্বাৰা প্ৰশাসন ব্যৱস্থালৈ জ্ঞাপন কৰিছিল কৃতজ্ঞতা। জয় বৰুৱাই “মই ভাগৰা নাই” শীৰ্ষক তেওঁৰ এটি পূৰণি গীতক নতুন ৰূপত সঁজাই “কভিড ১৯” ৰ আতংকৰ মাজতো জনসাধাৰণৰ হাতে হাত ধৰি আগবঢ়া চৰকাৰ, প্ৰশাসন ও চিকিৎসা কৰ্মীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। গীতটিত থকা হৃদয়স্পৰ্শী ভিডিঅ’টোৱে এতিয়া আকৰ্ষণো কৰিছে জনসাধাৰণক।

জনসাধাৰণক সুৰক্ষা প্ৰদানৰ সমান্তৰালকৈ তেওঁলোকৰ সজাগতা ও সচেতনতাৰ বিষয়ে অহৰহ চিন্তা কৰি থকা এই আটাইবোৰ ব্যৱস্থাৰ সৈতে জড়িত কৰ্মীসকলৰ ওচৰত আচলতে প্ৰত্যেকজন জনসাধাৰণেই ঋণী। ২০১৮ চনতে মুক্তি পোৱা এই গীতটিৰ কথা আছিল সাগৰ সৌৰভ আৰু কন্ঠৰ লগতে ইয়াত সংগীত জয় বৰুৱাই নিজেই। এইবাৰ গীতটিৰ নতুনটো সংস্কৰণত থকা চমু কবিতাটিক আবৃত্তি কৰিছে অভিনেত্ৰী আশা বৰদলৈয়ে।

চৰকাৰ, প্ৰশাসন ও চিকিৎসা কৰ্মীলৈ জয় বৰুৱাই জ্ঞাপন কৰিলে কৃতজ্ঞতাঃ 2


কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত জয় বৰুৱাৰ “উষা-অনিৰুদ্ধ” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি। পৌৰাণিক কাহিনী এটিৰ আধাৰত ৰচিত এই গীতটিয়ে আকৰ্ষণ কৰিছে এতিয়া সংগীত প্ৰেমী শ্ৰোতাক। ইউটিউবৰ লগতে ভিন্ন ডিজিটেল সংগীত প্লেটফৰ্মত উপলদ্ধ গীতটিৰ বৰ্তমান ইউটিউবত ভিউৱাৰচ সংখ্যা হৈছে ৫ হাজাৰতকৈও অধিক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform