“ক’ৰ’ণা ভাইৰাছ” য়ে বৰ্তমান দেশত লৈছে ভয়ংকৰ ৰূপ; যদিও ক’ৰ’ণা মুক্তৰ হাৰ বৃদ্ধি পাইছে তৎস্বত্বেও ইয়াৰ সামাজিক সংক্ৰমণৰ ফলত কিছু কিছু ঠাইত এতিয়াও স্তব্ধতাই বিৰাজ কৰিছে। পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ দীঘলীয়া শ্বুটিঙত ই একপ্ৰকাৰ সৃষ্টি কৰিছে বাধাৰ; ইয়াৰ ফলতেই বৰ্তমান একাংশ নৱপ্ৰজন্মৰ পৰিচালকে মনোৰঞ্জনৰ আন এক বাট উলিয়াই লৈছে। সম্প্ৰতি চুটি ছবি সমূহে বাৰুকৈয়ে ঠাই বিস্তাৰ কৰিছে মনোৰঞ্জন ক্ষেত্ৰখনত। এইবাৰ হোমেন বৰগোঁহাইৰ এটা চুটি গল্পক কেন্দ্ৰ কৰি কেইগৰাকীমান নৱপ্ৰজন্মৰ শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছে মনস্তাত্বিক থ্ৰীলাৰধৰ্মী চুটি ছবি “পোক”। হোমেন বৰগোঁহাইৰ “ভয়” শীৰ্ষক চুটি গল্পটোৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মাণ কৰি উলিওৱা হৈছে এই চুটি ছবিখন; হৰি আৰু সুদৰ্শন নাথৰ পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনৰ ট্ৰেইলাৰটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।
সামান্য এটা “পোক” য়ে কেতিয়াবা মনুষ্য জীৱনলৈ নমাই আনিব পাৰে কালসন্ধ্যা। আমি “পোক” টো মোহাৰি নিঃশেষ কৰি পেলাও কিন্তু যদিহে আমি ইয়াক কেতিয়াবা চিনি নাপাওঁ তেনেহ’লে পিছলৈ ই কোনো প্ৰকাৰে আমাৰ শৰীৰলৈ সোমাই আমাৰ মন-মগজু নিজ আগ্ৰাসনত কৰি ল’ব পাৰে। ক্ৰমশঃ এজন ব্যক্তিৰ মানসিক স্থিতিৰ ওপৰত ই প্ৰশ্ন সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। চলিত মাহৰ ২৭ তাৰিখে মুক্তিপাবলগীয়া এই চুটি ছবিখনত এনে এক কাহিনীৰে উপস্থাপন কৰা হৈছে। এটা সামান্য দূৰ্যোগে ভৱেন বৰুৱাৰ জীৱনত সৃষ্টি কৰা অথন্তৰ আৰু তেওঁৰ মগজুত বাস কৰা এটা “পোক” য়ে কেনেদৰে তেওঁৰ জীৱন শেষ কৰি গৈ থাকে তাকেই প্ৰতিফলিত কৰা হৈছে এই চুটি ছবিখনত।

“পোক” ত অভিনয় কৰিছে সুদৰ্শন নাথ, স্বাগতা ভৰালী, বিজয় শংকৰ শইকীয়া, স্বাস্বতি বৰা, সপ্তৰ্ষি গগৈ আৰু প্ৰিয়ংকা বেজবৰুৱাই। চিত্ৰনাট্য মানস প্ৰতীম নাথ (হৰি) ৰ আৰু দৃশ্যগ্ৰহণৰ দায়িত্ব আছে আকাশদ্বীপ ডেকা। ছবিখনৰ সম্পাদনা ত্ৰিদিপ বুজৰবৰুৱাৰ লগতে শব্দ আৰু সংগীত জয়াদিত্য চৌধুৰীৰ; সহ: পৰিচালনা কৰিছে সপ্তৰ্ষি গগৈ আৰু ত্ৰিদিপ বুজৰবৰুৱাই ।
Add comment