অসমীয়া সংগীত ক্ষেত্ৰখনৰ এক জনপ্ৰিয় ও চিনাকী নাম হৈছে গীতালিৰ। প্ৰায় বোৰ গীতেৰেই দৰ্শক ও শ্ৰোতাৰ ধ্যান আকৰ্ষণ কৰা গীতালিৰ প্ৰত্যেকটো গীতত জনপ্ৰিয়তা আচলতে নুই কৰিব পৰা নাযায়। তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালিৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” আৰু “ঘপককৈ” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী। “লক-ডাউন” ৰ মাজত প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকা কন্ঠশিল্পী গৰাকীয়ে গীত পৰিৱেশনৰ লগতে বিভিন্ন পোষ্ট আপলোড কৰি অনুৰাগীক আপ্লুত কৰি ৰখা প্ৰয়াস কৰিছিল। কেৱল এয়াই নহয়; চলিত বৰ্ষৰ প্ৰথম ভাগতে সংগীত শিল্পী গৰাকীয়ে লাভ কৰে আন এক সফলতা। অগ্ৰণী সাংস্কৃতিক সংস্থা “প্ৰহেলিকা” ৰ দ্বাৰা আয়োজিত “অসম সূৰ্য্য বঁটা ২০২০” ৰ শ্ৰেষ্ঠ মহিলা কন্ঠশিল্পীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় গীতালিয়ে।
এইবাৰ গীতালি সাজু হৈছে তেওঁৰ আন এক প্ৰকল্পক লৈ। “গুটীয়া নাও” শীৰ্ষক এটি গীতৰ সৈতে অনুৰাগীৰ মাজলৈ আহিবলৈ সাজু হৈছে কন্ঠশিল্পী গৰাকী। দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে ৰচিত উক্ত গীতটিত সংগীত দিছে মুম্বাই প্ৰতিষ্ঠিত হৰ্জিৎ দিয়াজে। জানিব পৰা মতে, অতি শীঘ্ৰেই গীতটিৰ সৈতে অনুৰাগীৰ কাষ চাপিব কন্ঠশিল্পী গৰাকী। সংগীতৰ সমান্তৰালকৈ সামাজিক দায়বদ্ধতাৰ সৈতে জড়িত গীতালি; “কভিড ১৯” য়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতেই বিপদ কালত একাংশ আৰ্থিক ভাৱে পিছ পৰি ৰোৱা জনসাধাৰণক সহায়ৰ বাবে আগবাঢ়িছিল গীতালি। বৃন্দাবন থিয়েটাৰৰ ফালৰ পৰা লোৱা এই পদক্ষেপত অংশীদাৰৰূপে জড়িত হৈ গীতালিয়ে নলবাৰীৰ মৰুৱাৰ একাংশ লোকক সহায়-সহযোগিতা আগবঢ়াইছিল তেওঁ।

সংগীতৰ জনপ্ৰিয়তাৰ লগতে কন্ঠশিল্পী গৰাকীৰ এনে মহানুভৱতা দেখি আন একাংশ জনসাধাৰণো কন্ঠশিল্পী গৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল।
Add comment