দুগৰাকী নৱপ্ৰজন্মৰ উদীয়মান কন্ঠশিল্পীৰ প্ৰচেষ্টাৰে আহি আছে এটা সুন্দৰ প্ৰেমৰ গীত। দেবৰাজ বৰা আৰু নিখিল ৰয়; ক্ৰমশ জনপ্ৰিয়তাৰ পিনে আগবাঢ়ি অহা দুই নাম। কিন্তু বৰ্তমান কন্ঠদান কৰাই নহয়; গীতটি লিখাৰ পৰা আৰম্ভ কৰি ইয়াৰ ব্যৱস্থাপনালৈ গীতটিৰ সৈতে জড়িত ভিন্ন দিশ সমূহত ভূমিকা লৈছে উক্ত দুয়োগৰাকী শিল্পীয়ে। “উজাগৰী” শীৰ্ষক এই প্ৰেম-বিৰহৰ সংমিশ্ৰণ গীতটিক লৈ বৰ্তমান দুয়োগৰাকী শিল্পীৰে অনুৰাগী উৎসাহী হৈ পৰিছে। চলিত মাহটোতেই গীতটিক মুক্তি দিয়া কথা আছিল যদিও সম্প্ৰতি পৰিস্থিতিৰ ফলত গীতটি মুক্তি দিব পৰা নাই ।

অৰুণাচলত জন্মগ্ৰহণ কৰা নিখিল ৰয়ৰ গীতৰ চৰ্চা বৰ্তমান চচিয়েল মিডিয়াত সকলোৱে কৰিছে; আনহাতে তেজপুৰত জন্মগ্ৰহণ কৰা দেৱৰাজৰ গীতত পোৱা মাটিৰ সুবাসে ইতিমধ্যে খলকনি লগাইছে চচিয়েল মিডিয়াত। সংগীত ক্ষেত্ৰখনত নতুন প্ৰতিভাৰ অন্তৰ্ভূক্তি নুই কৰিব পৰা নাযায়; সেয়া লাগিলে দেৱৰাজেই হওঁক নাইবা নিখিলেই হওঁক।

বৰ বেছি গীতৰ মুক্তি দিয়া নাই যদিও তেওঁলোকৰ গীত অথবা কন্ঠই আপ্লুত কৰিছে শ্ৰোতা ও দৰ্শকক। এওঁলোকৰ যুঁটীয়া প্ৰচেষ্টাই যে আকৌ এবাৰ জনসাধাৰণৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ’ব সেয়া নিশ্চিত। সংগীত সমূহক লৈ প্ৰায়ে একাংশৰ মাজত চলি থকা কোঁচকাৱাজৰ মাজত এনে একাংশৰ শিল্পীৰ প্ৰতিভাই সঁচাকৈয়ে ৰাইজক দিব পাৰিব নতুনৰ সোঁৱাদ।
Add comment