Rupaliparda.com
মোহন চিষ্টাৰ্চৰ জনপ্ৰিয়তাঃ প্ৰথমাৱস্থাত সুখী নাছিল পিতৃ- 1

মোহন চিষ্টাৰ্চৰ জনপ্ৰিয়তাঃ প্ৰথমাৱস্থাত সুখী নাছিল পিতৃ-

মোহন চিষ্টাৰ্চ ক্ৰমে নীতি মোহন, শক্তি মোহন, মুক্তি আৰু কীৰ্তি মোহন বলীউডৰ ক্ষেত্ৰত চিনাকী হৈ উঠা নাম। এই আটাইকেইগৰাকী ছোৱালীয়ে নিজৰ পিতৃ-মাতৃক গৌৰন্বম্বিত কৰাৰ সমান্তৰালকৈ বলীউডৰ নৃত্য আৰু সংগীতৰ এই দুইক্ষেত্ৰত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈ পৰিছে। কিন্তু, এই চাৰিগৰাকী ভগ্নীৰ জন্মত প্ৰথমাৱস্থাত সুখী নাছিল তেওঁলোকৰ পিতৃ বৃজমোহন শৰ্মা।

মোহন চিষ্টাৰ্চৰ জনপ্ৰিয়তাঃ প্ৰথমাৱস্থাত সুখী নাছিল পিতৃ- 2

তেওঁ এক সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰাৰ লগতে এইটোও ব্যক্ত কৰে যে বৰ্তমান তেওঁ চাৰিওগৰাকীক লৈ গৌৰৱ অনুভৱ কৰে; তেওঁ ইয়াৰ লগতে কয় যে ছোৱালী কোনোদিন নিজৰ পিতৃ-মাতৃৰ বাবে বোজা নহয়। মোহন চিষ্টাৰ্চৰ বিষয়ে কিছু কথা জানোচোন আহকঃ

নীতি মোহনঃ

নীতি মোহনে নিজৰ বলীউড কেৰিয়াৰৰ আৰম্ভণি কৰে “ইস্ক ৱালা লভ” শীৰ্ষক গীতটিত কৰা কন্ঠদানৰ জৰিয়তে; গীতটি পিছলৈ ইমানেই জনপ্ৰিয় হৈ পৰে যে নীতি মোহনৰ অনুৰাগীৰ দীঘলীয়া শাৰী প্ৰস্তুত হৈ উঠে।

শক্তি মোহনঃ

নৃত্যশিল্পী শক্তি নৃত্য ক্ষেত্ৰখনত নিজৰ খুঁপনি পুঁতিছিল “ডেন্স ইণ্ডিয়া ডেন্স” ৰিয়েলিটী শ্ব’টোৰ দ্বাৰা। কেইবাটাও প্ৰকল্পত জড়িত থকাৰ উপৰিও শক্তি বৰ্তমান আন ৰিয়েলিটী শ্ব “ডেন্স প্লাছ” ৰ বিচাৰক।

মুক্তি মোহনঃ

মুক্তি মোহনে নিজ ডাঙৰ ভগ্নী সকলৰ দৰেই মনোৰঞ্জন ক্ষেত্ৰখনত আগবাঢ়িবলৈ সক্ষম হৈছে। তেওঁ নৃত্যৰ শিক্ষা প্ৰদানৰ উপৰিও বলীউডৰ বিভিন্ন গীতৰ সৈতে জড়িত।

কীৰ্তি মোহনঃ

বলীউড ক্ষেত্ৰখনত কীৰ্তিয়ে নিজৰ নাম উজ্বলোৱা নাই যদিও তেওঁ বৰ্তমান এগৰাকী চফ্টৱেৰ ইঞ্জিনিয়াৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.