সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ১৬ দিন অতিবাহিত হোৱাৰ পিছতো আৰক্ষীয়ে অভিনেতাগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিবলৈ বিচাৰ-খোচাৰ পূৰ্ণগতিত সম্পূৰ্ণ কৰিছে। ৰিপোৰ্টনুসৰি য়শ ৰাজ ফিল্মচ্ ৰ লগত সুশান্তৰ হোৱা বহু কন্ট্ৰেক্টৰ কপি ইতিমধ্যে সংগ্ৰহ কৰিছে আৰক্ষী প্ৰশাসনে। অভিনেতাগৰাকীৰ আত্মহত্যাৰ পিছত য়শ ৰাজ ফিল্মচ্ ৰ বিভিন্ন খবৰ পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে; ২০১২ ৰ পৰা ২০১৫ চনলৈ সুশান্তৰ সৈতে য়শ ৰাজৰ ৩টা কন্ট্ৰেক্ট কৰা হৈছিল; যি কন্ট্ৰেক্টৰ ফলত উক্ত প্ৰডাকচন হাউচটোৱে এক নিশ্চিত পৰিমাণৰ টকা দিয়া কথা আছিল সুশান্তক। য’ত প্ৰথমখন ছবিৰ বাবে সুশান্তে পালেহেঁতেন ৩০ লাখ টকা; যদিহে প্ৰথমখন সফল হয় তেনেহ’লে দ্বিতীয়খন ছবিৰ বাবে তেওঁ লাভ কৰিলেহেঁতেন ৬০ লাখ টকা।


দ্বিতীয়খন ছবিও যদি সফল হ’লহেঁতেন তেতিয়াহ’লে তৃতীয়খন ছবিৰ বাবে তেওঁ লাভ কৰিলেহঁতেন ১ কোটি টকা। কন্ট্ৰেক্টনুসৰি, অভিনেতা সুশান্তক প্ৰথমখন ছবি “শুদ্ধ দেসী ৰোমাঞ্চ” ৰ বাবে ৩০ লাখ টকা দিয়া হৈছিল যদিও পিছলৈ তেওঁৰ দ্বিতীয়খন ছবি “ডিটেক্টিব ব্যয়মকেশ বখ্সী” ৰ বাবে তেওঁক দিয়া হৈছিল ১ কোটি টকা। কন্ট্ৰেক্টৰ পৰা আঁতৰি দ্বিতীয়খন ছবিৰ বাবে ইমান টকা কিয় প্ৰদান কৰা হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Add comment