Rupaliparda.com
নেপটিজিমৰ জ্বলন্ত উদাহৰণঃ হটষ্টাৰৰ কাৰ্যক্ৰমত আমন্ত্ৰণ কৰা নহ'ল বিদ্যুত জামাল ও কুণাল খেমুক- 1

নেপটিজিমৰ জ্বলন্ত উদাহৰণঃ হটষ্টাৰৰ কাৰ্যক্ৰমত আমন্ত্ৰণ কৰা নহ’ল বিদ্যুত জামাল ও কুণাল খেমুক-

“নেপোটিজিম” ক উদ্দেশ্যি এই সময়খিনিত বলীউডত বিভিন্ন কোঁচকাৱাজ চলা দেখিবলৈ পোৱা গৈছে। এনে সময়তে ডিজনী হটষ্টাৰে কৰিলে এক ডাঙৰ ঘোষণা; চলিত বৰ্ষৰ অক্টোবৰ মাহৰ ভিতৰত মুঠ ৭ খন চিনেমাক মুকলি কৰা হ’ব ডিজনী হটষ্টাৰত। এই ঘোষণাৰ পিছতেই উক্ত প্লেটফৰ্মটোৱে এক ভাৰ্চুৱেল কাৰ্যক্ৰমৰ আয়োজন কৰিছিল; য’ত উপস্থিত আছিল অক্ষম কুমাৰ, আলিয়া ভাট, অজয় দেৱগণ আৰু অভিষেক বচ্চন। কিন্তু এই কাৰ্যক্ৰমত উপস্থিত নাছিল বিদ্যুত জামাল অথবা কুণাল খেমু; ইয়াৰ পিছতেই ওলাই পৰিল এক ডাঙৰ সত্য। বিদ্যুত জামাল ও কুণালক কাৰ্যক্ৰমত আমন্ত্ৰণ কৰা হোৱা নাছিল যদিও হটষ্টাৰ অনুষ্ঠানটিত উপস্থিত আছিল বৰুণ ধাৱন। ইয়াকে উদ্দেশ্যি বিদ্যুতে এক পোষ্ট কৰি কয় যে,

https://twitter.com/kunalkemmu/status/1277578026314653698?s=20

“নিশ্চিতকৈ বহু ডাঙৰ ঘোষণা; ৭ খন ছবি মুকলিৰ বাবে সাজু হৈছে কিন্তু ইয়াৰ ভিতৰত কেৱলমাত্ৰ ৫ খনহে ছাগৈ প্ৰতিনিধিত্ব কৰাৰ যোগ্য আছিল কাৰণ বাকী দুখনক নিমন্ত্ৰণ কৰাও নহ’ল আৰু চিনাকীও দিয়া নহ’ল।” ইয়াৰ উপৰিও কুণাল খেমুয়ে কয় যে, “সন্মান আৰু প্ৰেম খুজি লোৱা বস্তু নহয়; কোনোৱে যদি দিবলৈ নোখোজে তেতিয়াহ’লে আমি তেওঁলোকতকৈও সৰু হৈ নপৰো। মাত্ৰ খেলাৰ বাবে এটা ঠাই সমানে দি দিয়ক; দীঘলীয়াকৈ খোজ আমিয়ে দিম।” নেপটিজিমক লৈ চলি থকা কিছু খবৰৰ মাজতেই হটষ্টাৰৰ এনে পদক্ষেপত ক্ষোভিত হৈছে জনসাধাৰণো। নেপটিজিমক ৰোধিবলৈ বৰ্তমান একাংশই বলীউডকেই বয়ক’ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলাইছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.