Rupaliparda.com
EDM গীতৰ ঢৌঃ দীপায়নৰ ন-গীত "সাগৰ সীমনাত" মুক্তিৰ পিছৰ জনপ্ৰিয়তা- 1

EDM গীতৰ ঢৌঃ দীপায়নৰ ন-গীত “সাগৰ সীমনাত” মুক্তিৰ পিছৰ জনপ্ৰিয়তা-

বৰ্তমান সময়ৰ নৱপ্ৰজন্মৰ মাজত EDM সংগীতক লৈ এক বিশেষ আকৰ্ষণৰ সৃষ্টি হ’বলৈ ধৰিছে। প্ৰায় বহুকেইজন নৱপ্ৰজন্মই ব্যস্ত হৈছে সংগীতৰ এই ধাৰাটোক লৈ। শ্ৰোতাই ইতিমধ্যে এনে বহু গীতৰ সোঁৱাদ লাভ কৰিবলৈ সক্ষম হৈছে; শেহতীয়াকৈ প্ৰিয়ম কটকী ওৰফে দীপায়নৰ কন্ঠৰে মুক্তি লাভ কৰা “সাগৰ সীমনাত” শীৰ্ষক গীতটিয়ে লাভ কৰিছে জনপ্ৰিয়তা। ২০০৩ চনত মংগলদৈত জন্মগ্ৰহণ কৰা দীপায়নৰ এই গীতটিত ভিউৱাৰচৰ সংখ্যাও লেখত ল’বলগীয়া। উক্ত গীতটিত কথা অৰুণ কটকী আৰু অৰ্চনা চহৰীয়াৰ লগতে গীতটিৰ শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল Klanz। আনহাতে, গীতটিৰ পৰিচালনা অৰুণ কটকীৰ লগতে দীপায়নৰ; পিতা পুত্ৰ প্ৰডাকচন হাউচৰ বেনাৰত গীতটি প্ৰযোজনা অৰুণ কটকীৰ। কোৱা হয় যেতিয়া পৰিয়ালৰ সদস্যই কোনো এটা কামত সহায় কৰিবলৈ বা সফলতাৰ শিখৰ বগোৱাত হাত ধৰি ওপৰলৈ তুলি নিয়ে তেনেক্ষেত্ৰত সেই নিৰ্দ্দিষ্ট কামটোত সফলতা লাভ কৰাটো অত্যন্ত সহজ হৈ পৰে। দীপায়ন দ্বিতীয়-তৃতীয় বৰ্ষৰ পৰা সংগীতৰ সৈতে জড়িত আৰু তেওঁৰ প্ৰথম গুৰু আছিল তেওঁৰ নিজৰেই মাতৃ।

EDM গীতৰ ঢৌঃ দীপায়নৰ ন-গীত "সাগৰ সীমনাত" মুক্তিৰ পিছৰ জনপ্ৰিয়তা- 2


দীপায়নে জনাই যে, “মাৰ পৰা শিকি যেতিয়া স্কুলত ভিন্ন গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো তেতিয়া তাত পোৱা পুৰষ্কাৰ সমূহে আচলতে মোৰ উৎসাহ এই ক্ষেত্ৰত যথেষ্ট বৃদ্ধি কৰিছিলে। তাৰ পিছতেই মই “Mangaldai Youth Club” সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো। কলেজতো মই বহু খিনি সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছো। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত মোৰ “সাগৰ সীমনাত” শীৰ্ষক গীতটোত কথা মোৰ দেউতাই দিছে আৰু ইয়াৰ সুৰটো দিয়াত মোক সহায় কৰিছে মোৰ মাই। গতিকে এই সংগীত ক্ষেত্ৰখনত আগবঢ়াত মই এটা কথা ক’বই লাগিব যে মোক প্ৰত্যেকটো মূহুৰ্তত উৎসাহিত কৰিছে মোৰ মা আৰু দেউতাই।”


উল্লেখ্য যে, সম্প্ৰতি সময়ত পঢ়া-শুনাৰ সমান্তৰালকৈ বহুখিনি পিতৃ-মাতৃয়ে নিজ নিজ সন্তানক মনোৰঞ্জনৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈও উৎসাহিত কৰিছে। লগতে, সংগীতৰ ধাৰা অথবা ভিন্ন নতুন উপাদানৰ সৈতেও জনসাধাৰণক চিনাকী কৰোৱাইছে নৱপ্ৰজন্মই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform