অসম আৰু অসমীয়াৰ আৱেগ জড়িত হৈ থকা বিষয়বস্তুক যেতিয়া এটা গীত অথবা ছবি ও চুটি ছবিৰ মাজেৰে প্ৰতিফলনৰ চেষ্টা কৰা হয় তেতিয়া সেই বিষয়বস্তুক লৈ আগ্ৰহী হৈ থাকে একাংশ জনসাধাৰণ। প্ৰেম, বিদ্ৰোহ, ৰাজনৈতিক, থ্ৰীলাৰ অথবা চাচপেন্স আদি ভিন্ন বিষয়বস্তুৰে নিৰ্মিত একোখন চুটি ছবি আপোনালোকে ইতিমধ্যে উপভোগ কৰিছে বিগত “লক-ডাউন” ৰ সময়ছোৱাত। চুটি ছবি সমূহক দৰ্শকে দিয়া সঁহাৰিত দুগুণে উৎসাহ লাভ কৰা একাংশ নৱপ্ৰজন্মৰ পৰিচালক, শিল্পী ও কলা-কুশলীয়ে আৰম্ভ কৰিছে কেইবাখনো হৃদয়স্পৰ্শী বিষয়বস্তুৰে নিৰ্মিত চুটি ছবিৰ। এনেক্ষেত্ৰত নাম ল’ব পাৰি সপ্তৰ্ষি গগৈৰ; নৱপ্ৰজন্মৰ পৰিচালকগৰাকীয়ে অহৰহ কৰা চেষ্টাই আকৰ্ষণ কৰিছে বৰ্তমান জনসাধাৰণক। এইবাৰ তেওঁৰ চুটি ছবিত দৰ্শকে উপভোগ কৰিছে অসমৰ সাংস্কৃতিক মানচিত্ৰ সলনি কৰা জনতাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱী সত্তাক। “আবৌ” শীৰ্ষক চুটি ছবিখনত দেখুওঁৱা হৈছে স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত ভাৰতীয় জনগণই সহ্য কৰা অত্যাচাৰ ও নিষ্পেষণ।


মেদিনী চৌধুৰীদেৱৰ বিখ্যাত উপন্যাস ‘ফেৰেংগাদাও’ ৰ ছাঁ লৈ প্ৰস্তুত কৰা এই চুটি ছবিখন এক সামান্য প্ৰয়াস- কলা গুৰুজনাৰ বিশাল ব্যক্তিত্বৰ ক্ষুদ্ৰাংশ তুলি ধৰাৰ। সংস্কৃতিৰ ক্ষেত্ৰতেই নহয় বিষ্ণুপ্ৰসাদ ৰাভাৰ জাতীয়তাবোধক সকলোৰে মাজত চিনাকী কৰোৱাৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰা হৈছে এই চুটিখন। সমাজৰ বিভিন্ন স্তৰত সম্প্ৰতি সময়তো চলি থকা বৈষম্য আঁতৰাবলৈ, সাধাৰণ জনতাৰ কন্ঠৰুদ্ধ কৰিব বিচৰা অপশক্তিৰ বিৰোধিতা কৰিবলৈ ৰাভাই কৰা সংগ্ৰামক দীৰ্ঘজীৱী কৰাৰ মানসেৰে নিৰ্মাণ কৰা হৈছে “আবৌ”।


সপ্তৰ্ষি গগৈৰ পৰিচালনা ও দৃশ্যগ্ৰহণেৰে নিৰ্মিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য আকাশদ্বীপ আৰু প্ৰিয়ংকা বেজবৰুৱাৰ। চন্দন বৰাৰ সহঃপৰিচালনা আৰু ছবিখনৰ সম্পাদনা কৰিছে আকাশদ্বীপ লগতে কুশল শইকীয়াই। ছবিখনত অন্তৰ্ভূক্ত সংগীত চুৰামণি দত্তৰ। আৰ্ট ও প্ৰডাকচন ডিজাইন হিমাংশু গগৈ আৰু হিৰাঞ্জু গগৈৰ। ইয়াত অভিনয় কৰিছে তিলক গগৈ, সপ্তৰ্ষি গগৈ, ৰাজীৱ ফুকন, মণি গগৈ, অভিজিৎ গগৈ, হিমাংশু গগৈ, হিৰাঞ্জু গগৈ, বলিন দাস, কুসুম গগৈ, কুশল শইকয়া, মনিষা গগৈ, কৃষ্ণা দত্ত, জুনু গগৈ, ঘ্যাণসাম গগৈ, ৰজিত গগৈ, ৰাজু ফুকন, চন্দন বৰা আৰু শংকৰ প্ৰসন্ন শইকীয়াই। Late night talkies শীৰ্ষক ইউটিউব চেনেলটোত উপভোগ কৰিবলৈ পাব “আবৌ।
Add comment