Rupaliparda.com
"পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো"- পলাশ সূৰ্য্য গগৈ 1

“পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো”- পলাশ সূৰ্য্য গগৈ

অসমীয়া সংগীত ক্ষেত্ৰখনৰ চিনাকী নাম পলাশ সূৰ্য্য গগৈ। সংগীত পৰিচালনাৰ বৃত্তিৰ সৈতে জড়িত এইগৰাকী শিল্পী অসমীয়া কেইবাগৰাকীও কন্ঠশিল্পী ক্ৰমে জুবিন, পাপন, জুবলী, সীমান্ত শেখৰ আদিক গীত গোৱাইছে। অসমীয়া ছবি “হিয়াৰ দাপোণত তোমাৰেই ছবি” ৰ পৰা আৰম্ভ কৰি “হিয়া দিবা কাক?”, “বুকুৰ মাজত জ্বলে”, “জেতুকা পাতৰ দৰে” “টি.আৰ.পি”, “মমতাজ”, “প্ৰতিঘাত”, “ৰক্তবীজ” ৰ উপৰিও মিছিং ছবি “ডবুৰ” লগতে বঙালী ছবি “অনেক হ’ল একবাৰ টৌ মৰ” আদি ভিন্নখন ছবিৰ সৈতে জড়িত হৈ ইয়াত অন্তৰ্ভূক্ত গীত সমূহক লৈ যথেষ্ট প্ৰশংসিতও হৈছে এইগৰাকী শিল্পী। “পুৱাৰ হাঁহিত চেঁচা বতাহ জাকে” শীৰ্ষক অসমীয়া গীতটিৰ বৰ্তমানলৈ থকা জনপ্ৰিয়তা নুই কৰিব নোৱাৰি।

"পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো"- পলাশ সূৰ্য্য গগৈ 2

কেৱলমাত্ৰ চিনেমা বুলিয়েই নহয়; পলাশ সূৰ্য্য গগৈ জড়িত ভ্ৰাম্যমাণ ক্ষেত্ৰখনৰ সৈতেও। কেইবাটাও কালজয়ী গীতৰ আঁৰৰ ব্যক্তিগৰাকীক সদায়ে একাংশ দৰ্শক ও শ্ৰোতাই চাবলৈ বিচাৰে অথবা তেওঁৰ বিষয়ে জানিবলৈ বিচাৰে। ৰূপালীপৰ্দাৰ ফালৰ পৰা পলাশ সূৰ্য্য গগৈৰ সৈতে হোৱা কথা-বতৰাত আমি জানিবলৈ পাইছিলো তেওঁৰ বিষয়ে বিভিন্ন কথা। তেওঁ এই ক্ষেত্ৰখনত কেতিয়াৰ পৰা যোগদান কৰিছে বুলি সোধাত তেওঁ কৈছিল যে, “সৰুৰ পৰাই ঘৰত সংগীতৰ পৰিৱেশ আছিল যদিও মই ১৯৯৪ চনতহে ৰাজ্যিক সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলো আৰু ২০১৪ চনৰ পৰা আৰম্ভণি হৈছিল মোৰ সাংগীতিক যাত্ৰাৰ।

"পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো"- পলাশ সূৰ্য্য গগৈ 3


বৰ্তমান সংগীত ক্ষেত্ৰখনত তেতিয়াৰ আৰু এতিয়াৰ মাজত কোনো পাৰ্থক্য অনুভৱ কৰে নেকি বুলি সোধাত তেওঁ কয় যে, “অ’ কৰো; তেতিয়া গীতবোৰ ষ্টুডিঅ’ ৰ মজিয়াত লাইভ ৰেকৰ্ডিং কৰা হৈছিল। সকলো মিউজিচিয়ানেই একেলগে বহি গীতটোক বাণীবদ্ধ কৰিছিলো। কিন্তু এতিয়া প্ৰায় সকলো বস্তুতেই কাৰিকৰীভাৱে উন্নত মানদণ্ডৰ বস্তু সোমাই পৰিছে; বৰ্তমান এজন ব্যক্তিয়েই কম্পিউটাৰ অথবা কী-বোৰ্ড এখন হ’লে গীতটিক সম্পূৰ্ণ কৰি তুলিব পাৰে। where’s the human feel and dynamics.. A machine is not replacement of human being; কিন্তু এটা কথা ক’বই লাগিব যে পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো।” আগন্তুক সময়তো পলাশ সূৰ্য্য গগৈক আন বহু প্ৰকল্পৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা যাব । তেওঁ কয় যে,

"পৰিস্থিতিৰ কবলত পৰি মইও বৰ্তমান উন্নত মেছিন কিছু ব্যৱহাৰ কৰিবলৈ লৈছো"- পলাশ সূৰ্য্য গগৈ 4

“নতুন প্ৰকল্প বুলিবলৈ মই বৰ্তমান ৬ বছৰৰ অন্তত অসমীয়া ৰাইজৰ মাজলৈ উভতি অহা এন.কে প্ৰডাকচনৰ চিনেমাৰ বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰি আছো। লগতে জুবিন, পাপন, ৰাকেশ ৰিয়ান, দেৱজিৎ বৰা, আচুৰ্য্য, সুবাসনা, প্ৰিয়ংকা, জুবলী, বাবু, সীমান্ত শেখৰ, নীল আকাশ আৰু কেইবাগৰাকীও নৱপ্ৰজন্মৰ উঠি অহা কন্ঠশিল্পীৰ গীতৰ কাম কৰি আছো। কহিনুৰ ও হেঙুল, ভাগ্যদেৱী, বৃন্দাবন আদি থিয়েটাৰ গোষ্ঠীৰ গীত আৰু ইয়াৰ উপৰিও Coke Studio ৰ কাম এটা ৰূপায়ন কৰি আছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform