Rupaliparda.com
সুন্দৰ বাৰ্তা প্ৰেৰণৰ চেষ্টা বিবেক বৰা ও কিশোৰ দাসৰঃ 1

সুন্দৰ বাৰ্তা প্ৰেৰণৰ চেষ্টা বিবেক বৰা ও কিশোৰ দাসৰঃ

এটি পোষ্টৰ জৰিয়তে অভিনেতা কিশোৰ দাসৰ সুন্দৰ মেছেজ। প্ৰায়ে চুটি কাপোৰ পৰিধান কৰাক লৈ নাৰীৰ ওপৰত একাংশৰ থকা ঘৃণনীয় মানসিকতা সলনি কৰিবলৈ এক সুক্ষ্ম প্ৰয়াস হাতত লোৱা দেখিবলৈ পোৱা গৈছে দুগৰাকী অসমীয়া অভিনেতা ক্ৰমে কিশোৰ দাস আৰু বিবেক বৰাক। ভিডিঅ’টোত বৰ্তমান ভিউৱাৰচৰ সংখ্যাও হৈছে উল্লেখনীয়; ভিডিঅ’টোৰ বিষয়বস্তুয়ে লাভ কৰিছে বহুল দৰ্শকৰ সঁহাৰি। বিগত দিনত চুটি কাপোৰ পিন্ধাক লৈ বিভিন্ন ধৰণৰ চচিয়েল মিডিয়াত পোষ্ট কৰাৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমতো এই বিষয়টোক লৈ কৰা হৈছিল টক শ্বো’। কিশোৰ দাস ও বিবেক বৰাই উক্ত ভিডিঅ’টোৰ জৰিয়তে সুঁহুতীয়া চিত্ৰনাট্যক লৈ প্ৰদান কৰাৰ চেষ্টা কৰিছে এটি হৃদয়স্পৰ্শী বাৰ্তা। উক্ত দুয়োগৰাকী অভিনেতাই অসমীয়া ক্ষেত্ৰখনত বৰ্তমান সময়ত ক্ৰমশঃ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ অনুৰাগীও এই সময়ছোৱাত লেখত ল’বলগীয়া।

https://www.instagram.com/tv/CCDh1qCjn0k/?utm_source=ig_web_copy_link


কিশোৰ দাসে প্ৰায়ে তেওঁৰ চচিয়েল মিডিয়া একাউন্টত নৃত্য ভিডিঅ’ পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। “লক-ডাউন” ৰ প্ৰথমভাগত অভিনেতা গৰাকীয়ে ভিন্ন জন অৰ্থনৈতিক ভাৱে পিছপৰা পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছিল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছিল। ৰং চেনেলত প্ৰচাৰিত “বান্ধোন” ধাৰাবাহিকখনত দৰ্শকে উপভোগ কৰিবলৈ পাইছে বৰ্তমান এই গৰাকী অভিনেতাৰ অভিনয়। আনহাতে, অভিনেতা বিবেক বৰাকো অসমীয়া দৰ্শকে আগন্তুক সময়ত কেইবাটাও প্ৰকল্পৰ সৈতে দেখিবলৈ পাব। অসমীয়া ছবি “বন্ধু” ত বিবেকক দেখিবলৈ পোৱা যাব।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.