Rupaliparda.com
"চেম্পিয়ন" দীক্ষু শৰ্মাৰ জন্মদিনঃ 1

“চেম্পিয়ন” দীক্ষু শৰ্মাৰ জন্মদিনঃ

জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাৰ আজি জন্মদিন। কন্ঠৰ দ্বাৰা অসমীয়া দৰ্শকৰ হৃদয়ত বাস কৰা কন্ঠশিল্পী গৰাকীয়ে প্ৰায়ে সংগীতৰ সমান্তৰালকৈ চচিয়েল মিডিয়াত একোটা পোষ্ট দি অনুৰাগীক আকৰ্ষণ কৰি ৰখা দেখিবলৈ পোৱা যায়। পূৰ্বতে হোৱা এক সাক্ষাৎকাৰত যেতিয়া তেওঁক সংগীত ক্ষেত্ৰখনলৈ অহাত কাৰ পৰা প্ৰেৰণা লাভ কৰিছিলে বুলি প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, ” প্ৰথম গীত মই আৰম্ভ কৰিছিলো ২০০৫ চনত “চেম্পিয়ন” নামৰ এলবামটিৰ জৰিয়তে আৰু ইয়াত অনুপ্ৰেৰণা বুলিলে মই বহুত কেইজন ব্যক্তিৰ কথাই উল্লেখ কৰিব লাগিব। মা-দেউতাৰ মৰম, বিশ্বাস,আশীৰ্বাদটো সদায় লগত আছেই লগতে মোৰ পত্নী বিজিয়েতা পাটগিৰী; তেওঁ সেই সময়ত এজনী বান্ধৱী হিচাপে মোক যথেষ্ট সহায় কৰিছিল। তাৰ পিছত সংগীত পৰিচালক পলাশ গগৈ; তেওঁৰ মোৰ ওপৰত থকা মৰম-বিশ্বাসৰ বাবে “চেম্পিয়ন” এলবামটো ৰাইজৰ মাজত উলিয়াই আনিবলৈ মই সক্ষম হৈছিলো। লগতে,মোৰ বন্ধু যিখিনি আছে তেওঁলোকেও এইক্ষেত্ৰত অৰিহণা যোগাইছিল।”

"চেম্পিয়ন" দীক্ষু শৰ্মাৰ জন্মদিনঃ 2
"চেম্পিয়ন" দীক্ষু শৰ্মাৰ জন্মদিনঃ 3


নিজৰ গীত অথবা কাপোৰৰ ব্যতিক্ৰমী ষ্টাইলৰ দ্বাৰা দৰ্শক ও শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰা দীক্ষুৰ প্ৰত্যেকটো গীতত দৰ্শকৰ সমাদৰ মন কৰিবলগীয়া। “ক’ভিড ১৯” নামেৰে সমাজলৈ অহা ব্যাধিটোক ৰোধিবলৈ হোৱা “লক-ডাউন” ৰ প্ৰথম ভাগত সামাজিক দায়বদ্ধতাও দেখিবলৈ পোৱা গৈছিল দীক্ষুৰ। “অসম আৰোগ্য নিধি” লৈ ৫০ হাজাৰ অনুদান আগবঢ়াইছিল কন্ঠশিল্পী গৰাকীয়ে। দীক্ষুৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.