Rupaliparda.com
বহু দিনৰ অন্তত ঘূৰাই পোৱা এটি গীতঃ তাৰেই জুবিন গাৰ্গে যাঁচিব হীৰু দালৈ শ্ৰদ্ধাঞ্জলি- 1

বহু দিনৰ অন্তত ঘূৰাই পোৱা এটি গীতঃ তাৰেই জুবিন গাৰ্গে যাঁচিব হীৰু দালৈ শ্ৰদ্ধাঞ্জলি-

জুবিন গাৰ্গৰ গীতসমূহক লৈ সদায় প্ৰস্তুত জনসাধাৰণ। অনুৰাগীৰ কথা নক’লেও তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য কিয়নো জুবিন গাৰ্গৰ অনুৰাগী কেৱল ইয়াতেই সীমাৱদ্ধতা নাথাকি ই আছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো। বহুদিনৰ অন্তত কিছুদিন পূৰ্বে জুবিনৰ কন্ঠৰে এটি গীত শুনিবলৈ পাই উৎসাহী হৈ পৰিছিল শ্ৰোতা আৰু দৰ্শক। কিন্তু আন এক সুখবৰ তেওঁৰ অনুৰাগীলৈ, এইবাৰ এটাৰ পিছত এটাকৈ নতুন গীতৰ ঘোষণা কৰি গৈ আছে হাৰ্টথ্ৰৱ গৰাকীয়ে।

বহু দিনৰ অন্তত ঘূৰাই পোৱা এটি গীতঃ তাৰেই জুবিন গাৰ্গে যাঁচিব হীৰু দালৈ শ্ৰদ্ধাঞ্জলি- 2

“বকুল ফুলৰ দৰে” শীৰ্ষক গীতটিক লৈ আহি আছে জুবিন গাৰ্গ; আচলতে গীতটোক বহু বছৰৰ পূৰ্বেই শ্বুটিং কৰা হৈছিল যদিও ইয়াৰ দৃশ্যাংশবোৰ কোনো কাৰণত হেৰাই গৈছিল। কিন্তু, জুবিন গাৰ্গে চচিয়েল মিডিয়াত কৰা এটি পোষ্ট যোগে জনাই যে হীৰেন ভট্টাচাৰ্য্যই কথা দিয়া এই গীতটোক এটা হাৰ্ডড্ৰাইভত বিচাৰি পাইছে। তেওঁ গীতটি বিচাৰি পাইছে যদিও গীতটিক মুক্তি দিয়া হ’ব হীৰু দাৰ মৃত্যু বাৰ্ষিকীত।

বহু দিনৰ অন্তত ঘূৰাই পোৱা এটি গীতঃ তাৰেই জুবিন গাৰ্গে যাঁচিব হীৰু দালৈ শ্ৰদ্ধাঞ্জলি- 3


“বকুল ফুলৰ দৰে” শীৰ্ষক গীতটিৰ জৰিয়তে জুবিন গাৰ্গে হীৰু দালৈ যাঁচিব শ্ৰদ্ধাঞ্জলি অৰ্থাৎ গীতটিক মুক্তি দিয়া হ’ব অহা ৪ জুলাই তাৰিখে। গীতটিক লৈ বৰ্তমান অপেক্ষাৰত বহুজন; হীৰেন ভট্টাচাৰ্য্যৰ কথাই শ্ৰোতাক আপ্লুত কৰি ৰখাৰ পিছত যেতিয়া তাত জুবিন গাৰ্গৰ কন্ঠ বাগৰে; সেয়া আচলতে সোণত সুঁৱগা বুলি ক’লেও হয়টো অতিৰঞ্জিত নহ’ব। উল্লেখ্য যে, মুম্বাইৰ পৰা উভতি আহি কন্ঠশিল্পী গৰাকী আৰু তেওঁ পত্নী গৰিমা ১৪ দিনৰ কোৱাৰেন্টিনত থাকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform