Rupaliparda.com
"চচিয়েল মিডিয়াই যেতিয়াই তেওঁলোকক ভগাই ৰাখিছে তেতিয়া একমাত্ৰ চিনেমাই হৈছে ; যিয়ে এই সকলোকে বান্ধি ৰাখিব পাৰে"- আলিয়া ভাট 1

“চচিয়েল মিডিয়াই যেতিয়াই তেওঁলোকক ভগাই ৰাখিছে তেতিয়া একমাত্ৰ চিনেমাই হৈছে ; যিয়ে এই সকলোকে বান্ধি ৰাখিব পাৰে”- আলিয়া ভাট

ট্ৰোল সমূহলৈ প্ৰতিউত্তৰ এইবাৰ অভিনেত্ৰী আলিয়া ভাটৰ। আলিয়া ভাটকে ধৰি ঋত্বিক ৰোশন আৰু একাংশ ভাৰতীয় লোকক অস্কাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। যদিহে এইসকল শিল্পীয়ে এই আমন্ত্ৰণক গ্ৰহণ কৰিলেহেঁতেন তেতিয়াহ’লে অস্কাৰত তেওঁলোকে ভোট দিয়াৰ অধিকাৰ গ্ৰহণ কৰিলেহেঁতেন। এই বিষয়টোৱেই বলীউডত এক ডাঙৰ কথা হৈ পৰিছে; কিন্তু ইয়াক লৈ বৰ্তমান চচিয়েল মিডিয়াত চলিছে আলোচনাৰ। কোনোৱে উক্ত বিষয়টোক সংলগ্ন কৰিছে নেপোটিজিমৰ সৈতে; বহু ছবি নিৰ্মাতাও “নেপটিজিম” বুলি সমৰ্থন জনাইছে এই বিষয়টোত। ইয়াক লৈয়ে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আলিয়া ভাটে; এটি ইনষ্টাগ্ৰাম পোষ্টৰ দ্বাৰা তেওঁ কয় যে, “মোক একাডেমীৰ সদস্য বনাবলৈ আমন্ত্ৰণ কৰা একাডেমী অৱ মোশ্বন পিকছাৰ আৰ্টচ এণ্ড চাইন্সলৈ ধন্যবাদ জ্ঞাপন কৰিছো। মই সন্মানিত আৰু বিনম্ৰ অনুভৱ কৰিছো।”

https://www.instagram.com/p/CCIxWOQMI3k/?utm_source=ig_web_copy_link


ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে ট্ৰোল সমূহৰো প্ৰতিউত্তৰ দি কয় যে, “অনিশ্চয়তাৰ এই সময়ত, মানুহক একযোঁট কৰি ৰখা সময়ত চচিয়েল মিডিয়াই যেতিয়াই তেওঁলোকক ভগাই ৰাখিছে তেতিয়া একমাত্ৰ চিনেমাই হৈছে ; যিয়ে এই সকলোকে বান্ধি ৰাখিব পাৰে।” হংসল মেহতাইও অস্কাৰৰ ফালৰ পৰা অহা এনে আমন্ত্ৰণক পোনপটীয়াকৈ “নেপটিজিম” ৰ আখ্যা দি এৰি দিয়া দেখিবলৈ পোৱা যায়। উল্লেখ্য যে, আলিয়া ভাট বিগত বহু দিনৰ পৰাই চচিয়েল মিডিয়াত ট্ৰোলৰ সন্মুখীন হৈছে; তেওঁৰ পিতৃ মহেশ ভাটক লৈ বিভিন্ন জনে বিভিন্ন ধৰণৰ কথা ক’বলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform