অনন্যা পাঁচনি অসমীয়া ছবি ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। ইতিমধ্যে তেওঁ কেইবাখনো ছবি অথবা ভিচিডিত অভিনয় কৰিছে। ১৯৮৪ চনত বিশ্বনাথ চাৰিআলিত জন্মগ্ৰহণ কৰা অনন্যা পাঁচনি নিজ ৫ বছৰ বয়স মানৰ পৰাই আৰম্ভ কৰিছিল অভিনয় যাত্ৰা। পোন প্ৰথমে অভিনেত্ৰী গৰাকীয়ে এটা শিশু চৰিত্ৰ ৰূপায়েনেৰে আগবাঢ়িছিল অসমীয়া ছবিৰ দিশত। “হলধৰ” শীৰ্ষক ছবিখনত দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী অনন্যা পাঁচনিক। “অৰ্পণ” ছবিখনত মূল চৰিত্ৰ ৰূপায়ন কৰি বৰ্তমানলৈ এই ক্ষেত্ৰখনত সক্ৰিয় হৈ থকা অনন্যা পাঁচনিৰ আজি জন্মদিন। ইয়াৰ বাহিৰেও তেওঁ অভিনীত কেইখনমান ছবি হৈছে ক্ৰমে প্ৰিয়া মিলন, এয়াই জোনাক বিহীন জীৱন, মা তুমি অনন্যা, অচিন চিনাকী, নিজানৰ গান আদি বহুতো। ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকী জড়িত ৩০ খনতকৈও অধিক ভিচিডি আৰু কেইবাখনো ধাৰাবাহিকৰ সৈতে। এই গৰাকী অভিনেত্ৰীক ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো জন্মদিনৰ অশেষ শুভকামনা।
অসমীয়া অভিনেত্ৰী সকলৰ ভিতৰত উল্লেখনীয়ৰূপে নাম ল’ব পাৰি অনন্যা পাঁচনিৰ। চচিয়েল মিডিয়াত তেওঁ প্ৰায়ে বিভিন্ন পোষ্ট কৰি দৰ্শকক আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। এক সাক্ষাৎকাৰত তেওঁ কোৱা অনুসৰি, “মোৰ কেৰিয়াৰ আৰম্ভ হৈছিল নৱম মান শ্ৰেণীৰ পৰা; তাৰ আগতেই অৰ্থাৎ ৫-৬ বছৰ মানৰ পৰাই এই ক্ষেত্ৰখনৰ সৈতে মই জড়িত। মই বিভিন্ন খন মঞ্চত ভাৰতন্যাতম নাচিছিলো অথবা নাটক কৰিছিলো; প্ৰথমৱস্থাত মই মিউজিক ভিডিঅ’ ৰ পৰাই অভিনেত্ৰী ৰূপে নিজ কেৰিয়াৰ আৰম্ভ কৰিছিলো।”
Add comment