মনোৰঞ্জন নথকালৈ জীৱনৰ প্ৰত্যেকটো ৰসেই আধৰুৱা। সেইবাবেই হয়টো জনসাধাৰণে হতাশাতো এটা গান শুনিয়ে মন পাতলাবলৈ চেষ্টা কৰে; আমনিদায়ক হৈ থকা সময়কণতো আচলতে বহুতেই বিচাৰে সংগীত। ফলত, মনোৰঞ্জন ক্ষেত্ৰখনত অন্তৰ্ভূক্ত সংগীত বিষয়টোৱে অধিক দৰ্শক আৰু শ্ৰোতাক নিজৰ পিনে টানি ৰখা বুলি ক’ব পাৰি। এই সংগীত ক্ষেত্ৰখনক লৈ আকৰ্ষিত বৰ্তমান বহু যুৱপ্ৰজন্ম; তথাকথিত “সংগীত” ৰ আখ্যা দিয়া কিছু গীতৰ তুলনাত একাংশ যুৱপ্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈয়ে মনকৰিবলগীয়া। বাধা-সংগ্ৰাম আদিবোৰ মানৱ জীৱনৰ একোটা এৰাব নোৱাৰা অংগ; এইসমূহক পিছত এৰি যদিও চাওঁ তেতিয়াহ’লে একাংশ যুৱপ্ৰজন্মৰ সৃষ্টি শলাগিবলগীয়া। এনে এগৰাকী শিল্পী হৈছে মৃন্ময় কৌশিক; কবিতা লিখা নাইবা গীতত কথা দিয়া আদি বিষয়বোৰত সৰুৰ পৰাই জড়িত হৈ থকা মৃন্ময় গোৱালপাৰা নিৱাসী।
ইতিমধ্যে কেইবাটাও গীতত কথা দিয়া মৃন্ময়ে অহৰহ প্ৰচেষ্টা চলাইছে নিজৰ সৃষ্টি সমূহৰ মাজেৰে শ্ৰোতাৰ কাষ চাপিবলৈ। এই বিষয়ত যেতিয়া তেওঁক ৰূপালীপৰ্দাই প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কৈছিল যে, “মই প্ৰথমতে এজন ভাল শ্ৰোতা; এজন শ্ৰোতা হিচাপে মই মোৰ লিখি লোৱা গীতটো মই নিজেই কেইবাবাৰো তাক মোৰ মনৰ ভিতৰত শুনিবলৈ চেষ্টা কৰো। মই লিখি থকা সময়ত কেইটামান কথাত সদায় গুৰুত্ব দিওঁ যে গীতটো লিখিছো কাৰ বাবে? কিয় লিখিছো অথবা কোনে শুনিব আৰু মই কাক শুনাব বিচাৰিছো। এই কথাবোৰৰ পৰাই মই নিজৰ লেখাবোৰক লৈ পোন প্ৰথমে এক ধাৰণাৰ সৃষ্টি কৰি লওঁ। বৰ বেছি সফলতাত মই চুমুক দিয়া নাই যদিও এয়াটো মোৰ আৰম্ভণি।”
অনুৰণন, মাহিৰা, দেউতা, মৰম অভিনয়, গুণ গুণ, মৰুময় মন আদি গীতবোৰো মৃন্ময়ৰ কথাৰেই সঁজোৱা হৈছিল। আগন্তুক সময়তো আন কেইবাটাও প্ৰকল্পৰ সৈতে আহিব শিল্পী গৰাকী।
Add comment