Rupaliparda.com
"দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে"- তাপসি পান্নু 1

“দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে”- তাপসি পান্নু

বলীউডত ছবিৰ সলনি বৰ্তমান চৰ্চা চলিছে “নেপটিজিম” কেন্দ্ৰিক বিষয়ৰ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত একমাত্ৰ এই বিষয়টোক লৈয়ে বিভিন্ন জনে পাতিছে কথা। এইবিষয়ে বৰ্তমানলৈ কংগনা ৰাণাওঁটৰ পৰা আৰম্ভ কৰি শেখৰ সুমন, শেখৰ কাপুৰ, বিবেক অব্ৰয় আদি বিভিন্ন জন তাৰকাই খুলি মতামত দাঙি ধৰিছে। এইবাৰ এই নেপোটিজিম বিষয়টোক লৈ নিজ মত ব্যক্ত কৰিছে সম্প্ৰতি সময়ৰ জনপ্ৰিয় আৰু খ্যাতনামা অভিনেত্ৰী তাপসি পান্নুয়ে। পিংকভিলাৰ এক ৰিপোৰ্টত তাপসি পান্নুয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুকে ধৰি নেপোটিজিমক লৈ বিভিন্ন কথা ব্যক্ত কৰে।

"দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে"- তাপসি পান্নু 2

তেওঁ কয় যে, “ছবিজগতত বাহিৰা শিল্পীৰ বাবে এজন গ’ডফাদাৰ নোহোৱাকৈ অথবা কাৰো সৈতে ভাল সম্পৰ্ক নথকাকৈ ইয়াত অন্তৰ্ভূক্তি হোৱাটো অকণমান অসম্ভৱ হৈ পৰে। ছবি ক্ষেত্ৰখনত একোজন ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ় দি তুলিবলৈ সময়ৰ প্ৰয়োজন হয় আৰু এই সময়ত কাম পোৱা নাযায়। ছবিক্ষেত্ৰখনত বাহিৰা একোগৰাকী শিল্পীয়ে যিমান সংঘৰ্ষ কৰিব লাগে; সেইটো পৰিমাণত সংঘৰ্ষৰ প্ৰয়োজন নহয় ফিল্ম জগতৰ ভিতৰুৱা শিল্পীৰ বাবে।”

"দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে"- তাপসি পান্নু 3


ইয়াৰ উপৰিও নেপোটিজিমৰ বাবেই যে তেওঁৰ হাতৰ পৰাও বহু ছবি গুচি গৈছে তাৰ কথাও ব্যক্ত কৰে। এই আটাইবোৰৰ বাবে অভিনেত্ৰী গৰাকীয়ে দোষী সাৱ্যস্ত কৰে দৰ্শকক। তেওঁ কয় যে, এইখিনিতে এইটো মহত্বপূৰ্ণ যে দৰ্শকে একোটাকৈ টিকেট বুক কৰি কাৰ ছবি চাব? এজন ভিতৰৰ শিল্পীৰ নে বাহিৰৰ? দৰ্শকে যদি বিচাৰে ছবি ক্ষেত্ৰৰ সমগ্ৰ পৰিস্থিতিৰ সাল-সলনি কৰি দিব পাৰে। ইয়াৰ বাবে ছবিক্ষেত্ৰত অন্তৰ্ভূক্ত কেইগৰাকীমান ব্যক্তিক আৰোপ লগোৱাতকৈ ভাল নিজেই নিজক যাতে শুধৰাই লওঁক।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.