এইবাৰ আন এক OTT প্লেটফৰ্ম যোগে দৰ্শকে উপভোগ কৰিবলৈ পাব অসমীয়া ছবি “কথানদী”। ভাস্কৰ হাজৰিকাৰ দ্বাৰা এইছবিখন পূৰ্বতে উপলদ্ধ হৈছিল নেটফ্লিস্কত আৰু ইয়াৰ পিছতেই ইয়াক MUBI শীৰ্ষক আন এক ৱেব চাইটত দেখিবলৈ পোৱা যাব। ছবিখন মুক্তি লাভ কৰা সময়ছোৱাত দৰ্শকৰ ইমানেই অধিক সঁহাৰি লাভ কৰিছিল যে “কথানদী” ক এখন সফল ছবি ৰূপে পৰিগণিত কৰা হৈছিল। এই ছবিখনৰ বিষয়ে ৰূপালীপৰ্দাত কৰা এটি সৰু পৰ্যালোচনা চাওঁচোন আহকঃ
জোনাকৰ তলত পাটিত বহি আইতাৰ মুখৰ পৰা সাধু শুনাৰ যি এক সুকীয়া আমেজ সেয়া প্ৰায় শিশুৱে বিচাৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় “বুঢ়ী আইৰ সাধু” হৈছে কোনো এটা শিশু পঢ়িব জনা হোৱা পিছৰ প্ৰথমখন সাধু কিতাপ। বৰ্তমানেও প্ৰত্যেকটো শিশুৰ বাবে “বুঢ়ী আইৰ সাধু” জনপ্ৰিয়। “বুঢ়ী আইৰ সাধু” ত সন্নিৱিষ্ট থকা ৪ টা সাধুৰ কাহিনীৰে ভাস্কৰ হাজৰিকা তথা অনুৰূপা হাজৰিকাৰ প্ৰযোজনাৰে নিৰ্মিত হৈছিল “কথানদী”। ১১৫ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ২০১৬ বৰ্ষৰ ১৬ চেপ্তেম্বৰ তাৰিখত মুক্তি লাভ কৰিছিল। সীমা বিশ্বাস, আদিল হুচেইন, জেৰিফা ৱাহিদ, উৰ্মিলা মহন্ত,কপিল বৰা, আশা বৰদলৈৰ লগতে বহু ন-পূৰণিৰ শিল্পীৰ সমাহেৰেৰে “কথানদী” আছিল ২০১৬ বৰ্ষৰ এখন সফল ছবি। তেজীমলা,চম্পাৱতী, ঔ-কুঁৱৰী আৰু তাৱৈয়কৰ সাধু আদি জনপ্ৰিয় ৪ টা সাধুৰ কাহিনীৰ থকা “কথানদী” ৰ শ্বুটিং চলিছিল অসমৰ মাজুলী আৰু দেৰগাঁৱত।

চাৰিটা সাধুৰ এখন জীয়া ছবি দৰ্শকক দিয়াৰ চেষ্টা কৰিছিল ছবিখনে। চৰিত্ৰ সমূহৰ নিঁখুট অভিনয়ে ছবিখনৰ মানদণ্ড আৰু অধিক ওপৰলৈ তুলি নিছে। তেজীমলাক মাহীমাকে দিয়া অসহনীয় কষ্ট-যন্ত্ৰণা, গৰ্ভপাত কৰা ঔ-টেঙা এটাক লৈয়ে কৰা জীৱন নিৰ্বাহ, চম্পাৱতীয়ে এডাল অজগৰক নিজ স্বামী জ্ঞান কৰি সংসাৰ কৰা, তাৱৈয়েকৰ কথানুসৰি নিজ পুত্ৰক জীৱন্তে পুঁতি থোৱা আদি একোটা কাল্পনিক কাহিনীক অসাধাৰণ ৰূপত দৰ্শকৰ মাজত এৰি দিছিল পৰিচালক ভাস্কৰ হাজৰিকাই। “বুঢ়ী আইৰ সাধু” ত প্ৰত্যেকটা সাধুৰ একোটা নিৰ্দিষ্ট সমাপ্তি আছিল কিন্তু ছবিখনত প্ৰত্যেকটা কাহিনীকেই এটা আনটোৰ ওপৰত জাপি দিয়া হৈছিল। কাহিনীসমূহ দৰ্শকৰ মনত সমাপ্ত হৈও যেন অসমাপ্ত হৈ ৰৈছিল; তেনে আউপকীয়া ভাৱত সমাপ্ত হৈছিল ছবিখনত।

মাজুলীৰ প্ৰাকৃতিক দৃশ্যৰ মাজত দৃশ্যগ্ৰহণ কৰা ছবিখন চাবলৈ মাজুলীবাসীয়ে জাহাজেৰে বাট টোৱাইছিল যোৰহাটলৈ। মাজুলীত চিনেমাগৃহ নথকাৰ বাবেই মাজুলীবাসীক ধন্যবাদ জনাবলৈ “কথানদী”ৰ সৈতে জড়িত কলা-কুশলীয়ে একেলগে মুক্তিৰ আগেয়ে “কমলাবাৰী সত্ৰ” ত তেওঁলোকক ছবিখন দেখুৱাইছিল বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল। সাধুকথা পঢ়াৰ পিছত কল্পনাজগতত ঘূৰি ফুৰা চৰিত্ৰসমূহৰ এখন সজীৱ ছবি দেখিবলৈ পোৱাত; ছবিখনক লৈ ৰাইজৰ সঁহাৰি আছিল লেখত ল’বলগীয়া।
Add comment