Rupaliparda.com
অনুৰাগীয়ে নিজেই তদন্ত চলাইছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰঃ উলিয়াইছে এই তথ্য- 1

অনুৰাগীয়ে নিজেই তদন্ত চলাইছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰঃ উলিয়াইছে এই তথ্য-

সুশান্তে সঁচাকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে দৰ্শকৰ মন গহ্বৰত। মৃত্যুৰ ইমান দিন পিছতো তেওঁক লৈ প্ৰত্যেকেই প্ৰত্যেকটো সময়ত পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে। ফৰেনছিক ৰিপোৰ্টত আত্মহত্যা বুলি ঘোষণা কৰা হোৱা পিছতো ইয়াক লৈ একাংশৰ প্ৰশ্নৰ শেষ নাই হোৱা। অভিনেতা গৰাকীৰ হত্যা হোৱা বুলি ভাবিয়ে তেওঁৰ এই বিষয়টোত চি.বি.আইক তদন্ত কৰিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ষ্টাৰকিডক ট্ৰোল কৰাৰ সমান্তৰালকৈ সুৰোজ পাঞ্চলীক একাংশই চচিয়েল মিডিয়াত অভিনেতা গৰাকীৰ মৃত্যুৰ বাবে দোষী সাৱস্ত্য কৰা দেখিবলৈ পোৱা গৈছে। টুইটাৰত অহা কিছু পোষ্ট অনুসৰি দিয়া হৈছে যে সুৰোজ পাঞ্চলীৰ সম্পৰ্ক আছিল সুশান্তৰ পূৰ্ব মেনেজাৰ দিশা সালিয়নৰ সৈতে। দিশাৰ গৰ্ভধাৰণ হোৱাত সুৰোজে তেওঁক বাৰম্বাৰ গৰ্ভপাত কৰিবলৈ কৈছিল।

অনুৰাগীয়ে নিজেই তদন্ত চলাইছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰঃ উলিয়াইছে এই তথ্য- 2
অনুৰাগীয়ে নিজেই তদন্ত চলাইছে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰঃ উলিয়াইছে এই তথ্য- 3


কিন্তু দিশাই গৰ্ভপাত নকৰাত তেওঁক সুৰোজে মানসিকভাৱে অশান্তি দিছিল আৰু অৱশেষত দিশাই আত্মহত্যা কৰে। এই আটাইবোৰ কথা সুশান্তে জানিছিল কিন্তু তেওঁ কোনোধৰণৰ সহায় কৰিব নোৱাৰাত অভিনেতা গৰাকী নিজেও আত্মহত্যা কৰাৰ কথা এতিয়া প্ৰত্যেকেই কোৱা দেখিবলৈ গৈছে। উক্ত কথাখিনিৰ কোনো ধৰণৰ যুক্তিযুক্ততাৰ প্ৰমাণ নাই হোৱা যদিও বৰ্তমান একাংশই এনে কথাৰে অভিনেতাগৰাকীৰ মৃত্যুৰ শিঁপাডাললৈ যাবলৈ চেষ্টা কৰিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform