Rupaliparda.com
সুশান্তক লৈ কিয় ইমান ব্যস্ত শেখৰ সুমন? সঁচাকৈ সহানুভূতি নে ৰাজনৈতিক ড্ৰামা ??- 1

সুশান্তক লৈ কিয় ইমান ব্যস্ত শেখৰ সুমন? সঁচাকৈ সহানুভূতি নে ৰাজনৈতিক ড্ৰামা ??-

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ কেছটোক লৈ অভিনেতা শেখৰ সুমনে বাৰম্বাৰ চি.বি.আই বিচাৰৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছিল। সুশান্তৰ মৃত্যুৰ পিছত তেওঁক লৈ শেখৰ সুমন সক্ৰিয় হৈ থকাৰ উপৰিও সুশান্তৰ পৰিয়ালকো তেওঁ লগ কৰি বিভিন্ন কথা-বতৰা পতা দেখিবলৈ পোৱা যায়। ইয়াৰ লগতে, অভিনেতা গৰাকীয়ে নেতা তেজস্বী য়াদৱৰ সৈতে এক গোট হৈ এখন সংবাদ মেলৰ আয়োজন কৰি তাত চৰকাৰৰ ওচৰত সুশান্তৰ মৃত্যুৰ চি.বি.আই তদন্তৰ দাবী কৰা দেখিবলৈ পোৱা যায়। কিন্তু, বৰ্তমান হতাশ হৈ পৰিছে শেখৰ সুমন; টুইটাৰ যোগে বিভিন্ন পোষ্ট কৰি নিজ হতাশা ব্যক্ত কৰিছে অভিনেতাগৰাকীয়ে। তেওঁ কয় যে, “মই পৰিয়াল অথবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নাই পোৱা। ইতিমধ্যে তিনি সপ্তাহ পাৰ হ’ল; কিন্তু আমি এতিয়ালৈ সুশান্তক নিজৰ হৃদয়ত জীয়াই ৰাখিছো আৰু সদায় জীয়াই ৰাখিম। #justiceforSushantforum”


ইয়াৰ লগতে, শেখৰে তেওঁৰ আন এটা পোষ্ট যোগে কয় যে, “মই বুজি নাই পোৱা যে সুশান্তৰ হাজাৰ জন অনুৰাগীয়ে জনোৱা দাবীত কিয় ভাৰত চৰকাৰে এতিয়ালৈ গুৰুত্ব দিয়া নাই! আমি মাত্ৰ কেৱল এটা ভাল তদন্তৰ দাবী জনাই আছো। আমি কি লগাতকৈ বেছি বিচাৰিছো নেকি?? #CBIEnquiryForSSR #Justiceforsushantforum #BreakTheSilenceForSSR।” উল্লেখ্য যে, শেখৰ সুমনে কৰা সংবাদ মেলত লগোৱা পোষ্টাৰ খনক লৈ ক্ষোভিত হৈ পৰিছিল সুশান্ত সিং ৰাজপুতৰ পৰিয়াল। এই আটাইবোৰকে তেওঁলোকে ৰাজনৈতিক নাটকৰ আখ্যা দিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.