আকৌ এবাৰ দেশৰ বাবে একযোঁট হোৱাৰ চেষ্টা কৰিছে শিল্পী সমাজ। বিগত দিনত হোৱা বিতৰ্কিত “কা” আন্দোলনত শিল্পীৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা শ্ৰদ্ধা আমি দেখিবলৈ পাইছিলো। এনে আন্দোলনৰ ফলত বিভিন্নজনে প্ৰাণ আঁহুতি দিয়াৰ লগতে কেইবা গৰাকীও নেতাক কাৰাবন্দী কৰি ৰখা হৈছিল। এই কাৰাৰুদ্ধ নেতা সমূহৰ মাজৰে কৃষক নেতা অখিল গগৈ বৰ্তমান অসুস্থ। তেওঁক মুক্তিৰ দাবী জনোৱাৰ লগতে অন্যান্য ডিজিটেল মাধ্যম যোগে ডিজিটেল প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে বৰ্তমান শিল্পী মানস ৰৱীনে। বিগত দিনৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা শিল্পী মানস ৰৱীনে এই ডিজিটেল প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে এতিয়া জনসাধাৰণক। আজি পুৱা ৯ বজাৰ পৰা চচিয়েল মিডিয়াত এই ব্যতিক্ৰমী প্ৰতিবাদৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্নজনে নিৰ্দ্দিষ্ট দুই হেছটেগ অৰ্থাৎ #ReleaseAkhilGogoi আৰু #JusticeForAkhilGogoi ৰ শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, কাৰাগাৰত অখিল গগৈৰ লগতে কাৰাবন্দী কৰি ৰখা হৈছে বৰ্তমান ধৈৰ্য্য কোঁৱৰ, ছাত্ৰ নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰকো।




এগৰাকী শিল্পীৰ সমান্তৰালকৈ সমাজৰ বাবে প্ৰত্যেকটো সময়ত আগবাঢ়ি অহা দেখিবলৈ পোৱা যায় মানস ৰৱীনক। সম্প্ৰতি দেশত চলা মহামাৰীৰ বাবে তেওঁ কিছুদিন পূৰ্বে “অসম আৰোগ্য নিধি” লৈ অনুদান আগবঢ়োবাৰ উপৰিও ভিন্ন জন ব্যক্তিক সহায়ো কৰা দেখিবলৈ পোৱা গৈছিল।
Add comment