Rupaliparda.com
হিন্দী ছবি "য়াৰা" ত অসম সন্তান কেনী বসুমতাৰীঃ 1

হিন্দী ছবি “য়াৰা” ত অসম সন্তান কেনী বসুমতাৰীঃ

আকৌ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে অসম সন্তান কেনী বসুমতাৰী। চলিত মাহৰ ৩০ তাৰিখে মুক্তি পাবলগীয়া “য়াৰা” শীৰ্ষক হিন্দী ছবিখনত এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব কেনী বসুমতাৰীক। Zee5 ত মুক্তি পাবলগীয়া এই ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যে খলকনি লগাইছে চচিয়েল মিডিয়াত। ট্ৰেইলাৰটোৰ দ্বাৰা ধাৰণা কৰিব পৰা যায় যে ছবিখনত চাৰি বন্ধুৰ জীৱন শৈলীৰ আভাষৰ লগতে বন্ধুত্বৰ কিছু পূৰ্বে নেদেখা কাহিনীকো সন্নিৱিষ্ট কৰা হৈছে। অবৈধ কাৰ্যসূচীৰে অৰ্জন কৰা ধনেৰে জীয়াই থকা চাৰি বন্ধুৰ কাহিনীয়েই হৈছে “য়াৰা”।

ছবিখনত চিনাকী এখন মুখ দেখিবলৈ পাই উৎসাহিত হৈ পৰিছে অসমীয়া দৰ্শক। Tigmanshu Dhulia ৰ পৰিচালনাৰে নিৰ্মিত উক্ত ছবিখনত কেনী বসুমতাৰীৰ বাহিৰেও অভিনয় কৰিছে বিদ্যুৎ জামৱাল, অমিত সাধ, বিজয় বৰ্মা, শ্ৰুতি হাছান আৰু সঞ্জয় মিশ্ৰাই। ৰাষ্ট্ৰীয় ক্ষেত্ৰত অসমৰ নাম উজ্বলাই ৰখা ক্ষেত্ৰত কেনী বসুমতাৰীৰ নাম উল্লেখনীয়।

হিন্দী ছবি "য়াৰা" ত অসম সন্তান কেনী বসুমতাৰীঃ 2


কেৱল মাত্ৰ ঘৰুৱা দৰ্শককেই নহয়; নিজ সৃষ্টি সমূহৰ দ্বাৰা তেওঁ আপ্লুত কৰি ৰাখিছিল ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ দৰ্শককো। উল্লেখ্য যে, কেনী বসুমতাৰী তেওঁৰ আহিবলগীয়া ছবি “লোকেল উৎপাত” ক লৈও ব্যস্ত হৈ আছে। “লোকেল উৎপাত” ছবিখন পৰিচালনাৰ লগতে ইয়াৰ চিত্ৰনাট্য আৰু সংলাপ হৈছে কেনী বসুমতাৰীৰ। ইয়াৰ লগতে, ছবিখনৰ এটা মূখ্য চৰিত্ৰতো অভিনয় কৰিছে কেনীয়ে। বনী দেউৰী, পুনম গুৰুঙৰ লগতে হিমাংশু গগৈ আৰু কৌশিক নাথকো দেখিবলৈ পোৱা যাব উক্ত ছবিখনত। জানিব পৰা মতে, চলিত বৰ্ষৰ ৪ ছেপ্তেম্বৰ তাৰিখে ছবিগৃহত মুক্তি লাভ কৰিব “লোকেল উৎপাত”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.