Rupaliparda.com
পূজা ভাট ও কংগনা ৰাণাওঁটৰ "ভাৰ্ছুৱেল ফাইট"- 1

পূজা ভাট ও কংগনা ৰাণাওঁটৰ “ভাৰ্ছুৱেল ফাইট”-

অভিনেত্ৰী পূজা ভাট আৰু কংগনা ৰাণাওঁটৰ মাজত চলিছে চচিয়েল মিডিয়াত মনোমালিন্য। এগৰাকীয়ে আনগৰাকী তাৰকালৈ ঠেলিছে দোষ; পূজা ভাটে এক টুইট যোগে কংগনা ৰাণাওঁটক মনত পেলাই দিছিল যে বিগত সময়ত মুকেশ ভাট আৰু মহেশ ভাট প্ৰডাকচন ছবি “গেংগষ্টাৰ” ত অভিনয় কৰাৰ সুবিধা প্ৰদান কৰা হৈছিল কংগনা ৰাণাওঁটক।

ইয়াৰ লগতে মহেশ ভাটৰ জীয়ৰী পূজা ভাটে কয় যে আমাৰ পৰিয়ালৰ ওপৰত যেতিয়া কোনো লোকে ঋণাত্মক মন্তব্য কৰে তেতিয়া তেওঁৰ হাঁহি উঠে কিয়নো সমগ্ৰ বলীউড ছবি ক্ষেত্ৰখনত যদি তুলনা কৰা হয় তেতিয়াহ’লে ক’ব পৰা যায় যে আটাইতকৈ অধিক নতুন প্ৰতিভাশালী অভিনেতা-অভিনেত্ৰী, সংগীত শিল্পী অথবা টেকনিচিয়ান সকলক সুবিধা তেওঁলোকেই দিছে বুলি ব্যক্ত কৰে পূজা ভাটে। পূজা ভাটে ইয়াৰ লগতে লিখে যে, “কংগনা ৰাণাঁওট এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী; অনুৰাগ বসুয়ে তেওঁক বিচাৰি উলিয়াইছিলে যদিও বিশেষ ফিল্মচৰ দ্বাৰা তেওঁ অভিনয় ক্ষেত্ৰত খোজ দিয়াৰ সুবিধা লাভ কৰিছে।”


ইয়াৰ পিছতেই কংগনা ৰাণাঁওটৰ চচিয়েল মিডিয়া টীমে ওলোটাই প্ৰশ্ন কৰে পূজা ভাটক। তেওঁলোকে কয় যে, “সকলোৱে জানে মুকেশ ভাটে কলাকাৰ সমূহক টকা দিবলৈ ভাল নাপায়, প্ৰতিভাশালী নতুন শিল্পীৰ পৰা বিনা পইচাত কাম কৰোৱাবলৈ বিচাৰে তেওঁলোকে।” ইয়াৰ উপৰিও কংগনাৰ টীমে মহেশ ভাটৰ ৰিয়াৰ সৈতে থকা সম্পৰ্কক লৈও প্ৰশ্ন কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.