Rupaliparda.com
এটা নতুন এপৰ দ্বাৰা কৰা হৈছে ন-চিন্তাঃ Trouper Act য়ে সহায় কৰিব শিল্পী সকলকঃ 1

এটা নতুন এপৰ দ্বাৰা কৰা হৈছে ন-চিন্তাঃ Trouper Act য়ে সহায় কৰিব শিল্পী সকলকঃ

প্ৰত্যেকদিনাই কিছু নতুন বস্তুৰ আৰম্ভণি হৈছে অসমীয়া মনোৰঞ্জন জগতত। যিমানেই ক’ৰ’ণা মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে সিমানেই নিত্য নতুন সৃষ্টিৰ আৰম্ভণি হোৱা দেখিবলৈ পোৱা গৈছে এই ক্ষেত্ৰখনত। অসমত প্ৰতিভাৰ কথা নুই কৰিব পৰা নাযায়; ব্যতিক্ৰমী ও থলুৱা বস্তুৰ যিমান অসমত প্ৰয়োগ হয় সিমান হয়টো বেলেগ ক্ষেত্ৰত নাই। প্ৰত্যেকজন অসমীয়াই এই বিষয়টোক লৈ প্ৰায়ে গৌৰৱ অনুভৱ কৰে। কিছুদিন পূৰ্বে ভাৰতবৰ্ষত চীনা এপবোৰ বন্ধ কৰি দিয়া হৈছিল; য’ত অন্তৰ্ভূক্ত হৈ আছিল টিক-টকো। উক্ত এপটো বন্ধ হোৱা পিছতেই বিভিন্ন ঋণাত্মক বাতৰিৰ সম্প্ৰচাৰ আমি দেখিবলৈ পাইছো। কিন্তু, এইখিনিতে অসমীয়া শিল্পী ও প্ৰতিভাৱান নৱপ্ৰজন্মৰ বাবে আছে এক সু-খবৰ। চলিত মাহৰ শেষৰ ফালে আৰম্ভণি কৰা হ’ব এটা মনোৰঞ্জনধৰ্মী এপ; ইয়াৰ নাম হৈছে Trouper Act। এই এপটোত পঞ্জীভূূত হৈ নিজ প্ৰতিভাক সংগৃহীত কৰাৰ সুবিধা অৰ্জন কৰিব প্ৰতিভাৱান শিল্পীয়ে। কেৱল ইমানেই নহয়; এই এপটোৰ দ্বাৰা মনোৰঞ্জন ক্ষেত্ৰ খনত নতুনকৈ আহিবলগীয়া বিভিন্ন ছবি, ৱেব চিৰিজ অথবা গীত আদিৰ বাবে হোৱা অডি’শ্বনৰো শেহতীয়া খবৰ লাভ কৰিব জনসাধাৰণে।

এটা নতুন এপৰ দ্বাৰা কৰা হৈছে ন-চিন্তাঃ Trouper Act য়ে সহায় কৰিব শিল্পী সকলকঃ 2


জানিব পৰা মতে, এই এপটোত পঞ্জীয়ন কৰিবলৈ একোজন জনসাধাৰণে দিব লাগিব এবছৰৰ বাবে মাত্ৰ ৯৯ টকা। Tech Savvy Eduventures pvt. ltd শীৰ্ষক এটি কোম্পানীৰ সৌজন্যত নিৰ্মাণ কৰি উলিওৱা এই এপটোত থাকিব একাংশ অৰ্থনৈতিক ভাৱে পিছপৰি ৰোৱা শিল্পীৰ বাবেও কিছু গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। প্ৰতিমাহে তেওঁলোকক লৈ বিভিন্ন “ভাৰ্ছুৱেল” প্ৰতিযোগিতা” ও অনুষ্ঠিত কৰা হ’ব; য’ত থাকিব ১ লাখ পৰ্যন্ত টকাৰ উপহাৰ। ইয়াৰ লগতে, শিল্পীসমূহৰ ফ’ল’ৱাৰচৰ ভিত্তিতো তেওঁলোকলৈ পঠিওৱা হ’ব মাননী। মুঠতে, গৃহবন্দী হৈ থকাত একাংশ শিল্পীৰ জীৱনলৈ নামি অহা কালসন্ধ্যাক আঁতৰাই নতুন সুৰুযৰ সন্ধান দিয়াৰ চেষ্টা কৰিব এই এপটোয়ে। উক্ত এপটোক লৈ বৰ্তমান অপেক্ষাৰত অসমীয়া দৰ্শক সকলো।

এটা নতুন এপৰ দ্বাৰা কৰা হৈছে ন-চিন্তাঃ Trouper Act য়ে সহায় কৰিব শিল্পী সকলকঃ 3


বিগত দিন ধৰি একাংশ শিল্পীয়ে সন্মুখীন হৈ অহা বিভিন্ন পৰিস্থিতিয়ে তেওঁলোকক ভাঙি পেলাইছিল। সৃষ্টিশীল বিভিন্ন কৰ্মৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিছে “ক’ভিডে”। কিন্তু ইয়াৰ মাজতে “শিল্পীয়ে শিল্পীৰ বাবে” আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। শিল্পী সমূহক কৰা সহায়ৰ ক্ষেত্ৰত এই Trouper Act য়েও এতিয়া গ্ৰহণ কৰিব বিশেষ পদক্ষেপ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform