Rupaliparda.com
"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 1

“দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য”- কল্পজ্যোতি দাস

ৰং চেনেল যোগে সম্প্ৰচাৰিত এখন জনপ্ৰিয় ধাৰাবাহিক; ধাৰাবাহিকখনৰ কাহিনীটোৰ পৰা আৰম্ভ কৰি ইয়াত অভিনীত প্ৰত্যেকজন শিল্পীৰ কৰ্মই আপ্লুত কৰি ৰাখিছে দৰ্শক সকলক। প্ৰায়ে চচিয়েল মিডিয়াত চৰ্চা লাভ কৰা নাম দুটা হৈছে “বিক্ৰম আৰু কস্তুৰী”; তেওঁলোকৰ বাহিৰেও আন চৰিত্ৰকেইটাও যে দৰ্শকক আকৰ্ষণ কৰিছে সেই কথা নুই কৰিব পৰা নাযায়। কেইবাগৰাকীও নৱপ্ৰজন্মৰ উদীয়মান অভিনেতা-অভিনেত্ৰীক অন্তৰ্ভূক্ত কৰা হৈছে “দুটি মনৰ জোনাক” শীৰ্ষক ধাৰাবাহিকখনত। কল্পজ্যোতি দাসৰ পৰিচালনাৰে নিৰ্মিত এই ধাৰাবাহিকখনৰ টি.আৰ.পিৰ ক্ষেত্ৰতো ই পিছ পেলাইছে অধিকাংশ আন আন ধাৰাবাহিকক। আচলতে, চিনেমাৰ সমান্তৰালকৈ আগবঢ়া ধাৰাবাহিকৰ এনে যাত্ৰাই এতিয়া ন-ন শিল্পীক যে আগন্তুক সময়তো সুবিধা প্ৰদান কৰিব সেয়া নিশ্চিত হৈ পৰিছে। উক্ত ধাৰাবাহিকখনৰ বিষয়ে ৰূপালীপৰ্দাৰ সৈতে হোৱা চমু কথা-বতৰাত পৰিচালক গৰাকীক প্ৰশ্ন কৰা হৈছিল যে “বৰ্তমান “দুটি মনৰ জোনাক” ধাৰাবাহিকখনত সংযোজন ঘটিছে নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীৰ। ক্ষন্তেকতে বাঢ়ি অহা ধাৰাবাহিকখনৰ জনপ্ৰিয়তাও লেখত ল’বলগীয়া। নৱপ্ৰজন্মক লগত লৈ চলাটো আপোনাৰ দৰ্শকক আকৰ্ষণৰ প্ৰচেষ্টা নে অইন কিবা?”

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 2


এই প্ৰশ্নৰ উত্তৰত পৰিচালক গৰাকীয়ে জনাইছিল যে, “আচলতে নৱপ্ৰজন্মৰ এনে অভিনেতা-অভিনেত্ৰী সমূহক ধাৰাবাহিকখনত অন্তৰ্ভূক্ত কৰাটো ইয়াৰ চিত্ৰনাট্য অথবা কাহিনীৰ চাহিদা; এই অনুসৰিয়েই ধাৰাবাহিকখনত আমি নতুন প্ৰতিভাৰ সংযোজন কৰিছো। এইখিনিতে, এটা কথা ক’বই লাগিব যে আমাৰ ধাৰাবাহিক খনত অভিনীত অভিনেতা-অভিনেত্ৰী সমূহৰ প্ৰায়বোৰেই অভিনয়ৰ দিশটোৰ সৈতে ওতঃপ্ৰোত ভাৱে; কোনোবাই হয়টো নাটক কৰিছিল আনহাতে কোনোবাই হয়টো ছবিত অভিনয় কৰিছে। তুমি প্ৰশ্নটোত সুধিছিলা যে এয়া দৰ্শকক আকৰ্ষণৰ চেষ্টা নে অইন কিবা? আচলতে, কোনো ক্ষেত্ৰতেই আচলতে কোনো কাৰণতেই এটা কাম দৰ্শকক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে কৰিব নালাগে।

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 3

কিন্তু যিহেতু এই কামটো দৰ্শকৰ কাৰণেই কৰা হৈছে, সেই অনুপাতে আমি তেখেতসকলৰ ৰুচিৰ ওপৰত গুৰুত্ব দিয়াতো দৰকাৰ; আৰু এই কামটো যেতিয়া তেওঁলোকে মনে বিচৰা ধৰণে উপভোগ কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁলোকে আমাক মৰম দিয়ে, আদৰ কৰে। দৰ্শক আমাৰ বাবে ভগৱান; দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য, গতিকে তেওঁলোকৰ কাৰণে আমাৰ দলটোৱে বিৰামহীন কষ্ট কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ।”

"দৰ্শকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় কাম্য"- কল্পজ্যোতি দাস 4


ইয়াৰ উপৰিও তেওঁ কয় যে, “ধাৰাবাহিকখন আমি বৰ সততা- নিষ্ঠাৰে প্ৰস্তুত কৰো, কৰি আছিলো আৰু আগন্তুক সময়লৈও কৰি যাম। গতিকে, এই সততা, নিষ্ঠা আৰু কষ্টখিনিক যেতিয়া দৰ্শকে আকোঁৱালি লৈছে তেতিয়া এয়াই আমাৰ “দুটি মনৰ জোনাক” ৰ সদস্য সকলৰ বাবে সফলতা বুলি মই ভাৱো। মোৰ মতে, কামেহে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। “আকৰ্ষণ” কৰিম বুলি কৰিব পৰা নাযায়। আৰু, প্ৰথমতে কাম ভাল হ’ব লাগিব আৰু কাম ভাল হ’বলৈ সততাৰে চেষ্টা অব্যাহত ৰাখিব লাগিব কামটোৰ সৈতে জড়িত আটাইয়ে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform