Rupaliparda.com
"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 1

“…কাৰণ মই “বৰ্তমান” ত জীয়াই থাকি খুব ভাল পাওঁ”- ত্ৰিয়ন মহন্ত

সংগীত ক্ষেত্ৰখনত প্ৰায়ে নৱপ্ৰজন্মৰ কন্ঠশিল্পীৰ সংযোজন হোৱা আমি দেখিছো। সংযোজনৰ সমান্তৰালকৈ তেওঁলোকৰ প্ৰতিভাইও আকৰ্ষণ কৰিছে সকলোকে; কিন্তু এইবাৰ কন্ঠশিল্পী নহয়। আমি আজিৰ দেওঁবৰীয়া বিশেষত আপোনালোকৰ মাজলৈ লৈ আনিছো এগৰাকী নৱপ্ৰজন্মৰ উদীয়মান সংগীত পৰিচালকক; তেওঁৰ নাম হৈছে ত্ৰিয়ন মহন্ত। জুবিন গাৰ্গকে আৰম্ভ কৰি নীল আকাশ, দীক্ষু আদি কেইবাগৰাকীও কন্ঠশিল্পীৰ গীতত সংগীত দিবলৈ তেওঁ সক্ষম হৈছে।

"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 2

আচলতে, ত্ৰিয়ন মহন্তৰ কৰ্মইও প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন জনৰ; তেওঁৰ ইটোৰ পিছত সিটো গীতৰ জনপ্ৰিয়তাও হৈছে লেখত ল’বলগীয়া। তিনিচুকীয়াত জন্মগ্ৰহণ কৰা ত্ৰিয়ন মহন্তৰ নামটো বৰ্তমান একোটা গীতৰ ক্ষেত্ৰত দেখিবলৈ সুলভ হৈ পৰিছে। সংগীতৰ প্ৰতি থকা একাগ্ৰতাই তেওঁক এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত বাৰুকৈয়ে কৰিছে সহায়। চাওঁচোন আহক তেওঁৰ সৈতে এক্সক্লুচিভ সাক্ষাৎকাৰঃ

প্ৰশ্নঃ আপুনি সংগীত ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

ত্ৰিয়ন মহন্তঃ উমম, সংগীত ক্ষেত্ৰখনৰ সৈতে অন্তৰ্ভূক্ত হোৱাৰ ক্ষেত্ৰত ক’বলৈ গ’লে, ইয়াক লৈ মোৰ সৰুৰ পৰাই মন আছিল। মই যেতিয়াৰ পৰা বুজিব পৰা হৈছো তেতিয়াৰ পৰা মোৰ প্ৰত্যেকটো বছৰৰ জন্মদিনৰ উপহাৰ স্বৰূপে দেউতাই একোটা সংগীতৰ বাদ্যযন্ত্ৰ দি মোক এই ক্ষেত্ৰখনত আৰু বহুল ৰূপত সোমাই যাবলৈ উৎসাহ দিছিল। সৰুৰ পৰাই মই বিভিন্ন অনুষ্ঠানত যোগদান কৰিছিলো; বাদ্য-যন্ত্ৰবোৰ বজাইছিলো। কিন্তু যদি, পেছাগত ভাৱে ক’বলৈ যাওঁ মই ২০১৩ চনৰ পৰাহে এই ক্ষেত্ৰখনত যোগদান দিবলৈ সুযোগ পাইছিলো আৰু তেতিয়াৰ পৰা এতিয়ালৈ এই ক্ষেত্ৰখনত মনোনিৱেশ কৰি গৈ আছো; নিজক আগতকৈ আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰি গৈ আছো।

"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 3

প্ৰশ্নঃ এটা গীত যেতিয়া আপুনি প্ৰকল্পৰূপে বিচাৰ কৰে তেতিয়া আপুনি গীতটোত কি বিচাৰে?

ত্ৰিয়ন মহন্তঃ এটা গীত নিজৰ প্ৰকল্প সমূহৰ ভিতৰত যেতিয়া অন্তৰ্ভূক্ত কৰো তেতিয়া প্ৰথমতে মই নিজক তাত সংযোজিত কৰাৰ চেষ্টা কৰো অৰ্থাৎ গীতটোৰ সৈতে মই নিজক চাবলৈ চেষ্টা কৰো। আচলতে, গীত এটাত মোৰ নিজস্বতাটো প্ৰতিফলিত হোৱাটো বিচাৰো। যেতিয়াই শ্ৰোতাই গীতটি উপভোগ কৰিব তেতিয়া তাত থকা কথা, কন্ঠৰ সৈতে মোৰ সংগীতটো প্ৰতিফলিত হোৱাটো মই বিচাৰো।

"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 4

প্ৰশ্নঃ ভৱিষ্যতে কোন গৰাকী কন্ঠশিল্পীৰ গীত পৰিচালনা কৰাৰ ইচ্ছা??

ত্ৰিয়ন মহন্তঃ ভৱিষ্যতৰ পৰিকল্পনা বুলি ক’লে ভুল কোৱা হ’ব কাৰণ মই “বৰ্তমান” ত জীয়াই থাকি খুব ভাল পাওঁ। যিখিনি কাম এতিয়ালৈ কৰিবলৈ পাইছো বা কৰি আছো; সেইখিনিৰ বাবে মই নিজক ভাগ্যৱান বুলি পৰিগণিত কৰিব বিচাৰো। ভৱিষ্যতে কোন গৰাকী কন্ঠশিল্পীৰ সৈতে কাম কৰাৰ ইচ্ছা বুলি সুধিলে মোৰ ব্যক্তিগত মতামত অনুসৰি ক’ম যে মই সকলো কন্ঠশিল্পী অথবা গীতিকাৰ বা সুৰকাৰৰ সৈতে কাম কৰিবলৈ বিচাৰো। এই প্ৰত্যেকগৰাকী প্ৰতিভাশালী ব্যক্তিৰ পৰা যদি অকণমানকৈ হ’লেও মই শিকাৰ সুযোগ পাওঁ তেতিয়াহ’লে মোৰ খুব ভাল লাগিব।

"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 5

প্ৰশ্নঃ কেতিয়াবা গীতৰ বিষয়বস্তু ভাল নালাগিলেও অইনে বেয়া পোৱা বাবে কামটো কৰি দিছে নে?

ত্ৰিয়ন মহন্তঃ সঁচা কথা ক’বলৈ গ’লে, এই কামটোত আগতে “না” কৰিবলৈ বৰ অসুবিধা হৈছিল গতিকে এনেধৰণৰ বহুত আছে কাম যিটো মোৰ অনিচ্ছা স্বত্বেও কৰি দিছিলো। কিন্তু, এতিয়া তেনে নহয়; আজি কালি মোৰ মন পচন্দ নহ’লে বা বিষয়বস্তু উপভোগ্য নহ’লে মই সেই কামটো নকৰো।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।

ত্ৰিয়ন মহন্তঃ আগন্তুক প্ৰকল্প বহুখিনিয়ে হাতত আছে কিন্তু ইয়াৰ ভিতৰত যদি উল্লেখযোগ্য বুলি ক’বলৈ যাওঁ তেতিয়াহ’লে “তোমাৰ উশাহত” শীৰ্ষক গীতটিৰ দ্বিতীয়টো সংস্কৰণ আহি আছে; যিহেতু বিগত বৰ্ষত উক্ত গীতটিয়ে যথেষ্ট সঁহাৰি লাভ কৰিছিল গতিকে সেই একেখিনি দৰ্শক ও শ্ৰোতাৰ মৰম-আদৰ লাভ কৰিবলৈ গীতটিৰ দ্বিতীয়টো সংস্কৰণ ৰাইজৰ মাজত আগবঢ়াবলৈ সাজু হৈছো। তাৰ লগতে, নীল আকাশ দাৰ আন এটি গীত আৰু দীক্ষু দাৰ “তুমি মোৰ” বুলি গীতটিত কাম কৰি আছো। আনহাতে, শেহতীয়াকৈ “প্ৰতিটো পল” শীৰ্ষক যিটো গীত জনপ্ৰিয় হৈছিল; গীতটিৰ কন্ঠশিল্পী অনুৰাগ শইকীয়াৰ বাবেও কাম কৰি আছো।

"...কাৰণ মই "বৰ্তমান" ত জীয়াই থাকি খুব ভাল পাওঁ"- ত্ৰিয়ন মহন্ত 6


ইয়াৰ উপৰিও নৱপ্ৰজন্মৰ কেইবাগৰাকীও কন্ঠশিল্পীৰ বাবে কাম কৰি আছো। এইখিনিতে ৰাইজক অনুৰোধ কৰিম যে, আমাৰ গীত সমূহ ভাল পালেও আমাক জনাওঁক আৰু বেয়া পালেও আমাক আঙুলিয়াই দিয়ক; ৰাইজৰ সহযোগিতা আমাৰ কাম্য।”

… ধন্যবাদ ত্ৰিয়ন। ৰূপালীপৰ্দাৰ ফালৰ পৰা তোমাক তোমাৰ প্ৰতিটো কৰ্মৰ বাবে জনাইছো শুভকামনা।

ত্ৰিয়ন মহন্তঃ ধন্যবাদ। ৰূপালীপৰ্দাই এই সুযোগটো দিয়া বাবে সঁচাকৈ মই কৃতজ্ঞ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform