হিন্দী ছবি জগতৰ জনপ্ৰিয় বচ্চন পৰিয়ালৰ সমুখলৈ আহিল ক’ভিড। যোৱা কালি য’ত অমিতাভ বচ্চনকে ধৰি পুত্ৰ অভিষেক বচ্চনৰ দেহত পোৱা গ’ল “ক’ভিড” ৰ অৱস্থিতি; আনহাতে আকৌ এইবাৰ ঐশ্বৰ্য্য ৰায় বচ্চন আৰু আৰোধ্যাৰ ৰিপোৰ্টো পজিটিভ আহিছে বুলি জানিবলৈ পোৱা গৈছে। শনিবাৰে ৰাতি বিগ বি অমিতাভ বচ্চনৰ এটা টুইটৰ পিছতেই খলকনি লাগে সংবাদ মহলত। তেওঁ নিজেই “ক’ভিড পজিটিভ” হোৱাৰ তথ্য ব্যক্ত কৰে ৰাইজৰ ওচৰত। ইয়াৰ পিছতেই অমিতাভৰ পুত্ৰ ও অভিনেতা অভিষেকেও নিজৰ দেহত “ক’ৰ’ণা” অৱস্থিতিৰ কথা সদৰী কৰে। উক্ত বলীউডৰ দুয়োগৰাকী তাৰকাক লৈ যোৱা হয় চিকিৎসাললৈ। অমিতাভে কৰা টুইটত তেওঁৰ সংস্পৰ্শলৈ বিগত ১০ দিনত অহা সকলোকে ক’ৰ’ণা টেষ্ট কৰাৰ আহ্বান জনায়।

দেশত “ক’ৰ’ণা ভাইৰাছ” দিনক দিনে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’ণা আগ্ৰাসনত বৰ্তমান বলীউডৰ বিভিন্ন জন তাৰকাও। চচিয়েল মিডিয়াত এতিয়া অমিতাভ আৰু অভিষেকক লৈ বিভিন্ন জনে আশু আৰোগ্য কামনা কৰি পোষ্ট কৰা দেখিবলৈ পোৱা গৈছে।
Add comment