Rupaliparda.com
"পাগলা নদী" ৰ কথাৰে পৰাশৰ বৰুৱাৰ "নদীৰ কুল নাই"- 1

“পাগলা নদী” ৰ কথাৰে পৰাশৰ বৰুৱাৰ “নদীৰ কুল নাই”-

বৰলুইত খন প্ৰায়ে একাংশ লোকৰ বাবে আশা-ভৰষাৰ স্থল; প্ৰায়ে লুইত খনক লৈয়ে থাকে একাংশৰ হেঁপাহ আনহাতে একাংশৰ বাবে ই হৈছে আৱেগ। নৈ খনে কেতিয়াবা অসহায় কৰি তুলিলেও ইয়াক লৈ আকৰ্ষিত হৈ থাকে জনসাধাৰণ। বহুতৰ জীৱনলৈ ই কালসন্ধ্যা নমাইছে যদিও বহুতৰ জীৱনত ভাল ক্ষণৰ সাক্ষীও হৈ ৰৈছে এই বৰলুইতখন। নৈখনক লৈ বিভিন্ন জনে বিভিন্ন গীত, ছবি, তথ্যচিত্ৰৰ সৃষ্টি কৰি আহিছে; কিন্তু এই লুইতৰ আশে-পাশে বাস কৰা ভিন্ন জাতি-জনজাতিৰ মনৰ কথাবোৰ জানিবলৈ এচামেহে চেষ্টা কৰিছে; লুইতৰ চৰ চাপৰিত বাস কৰা একাংশই নিতৌ ন-সমস্যাৰ সন্মুখীন হয়, তথাপিও যেন বুকুচাত বান্ধি সাৱতি থাকিবলৈ মন কৰে লুইতখনক। এই লুইতখনৰ চৰ চাপৰিত বাস কৰা ভিন্ন ধৰ্মাৱলম্বী লোক সকলৰ মনৰ কিছু কথাৰ আঁৰ লৈ মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান পৰাশৰ বৰুৱাই নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ “নদীৰ কুল নাই” ত দৰ্শকে লাভ কৰিবলৈ সক্ষম হৈছে নৈখনৰ এক নেদেখা-নুশুনা কাহিনীৰ কিছু প্ৰতিচ্ছবি। পুনেস্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া চমুকৈ FTII ৰ পৰা পাছ কৰি অহা পৰাশৰ বৰ্তমান মুম্বাইতে থাকি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন তথ্যচিত্ৰ আৰু মিউজিক ভিডিঅ’ৰ সৈতেও জড়িত হৈ আছে।


“নদীৰ কুল নাই” শীৰ্ষক তথ্যচিত্ৰখনত দেখুওৱা হৈছে নৈখনৰ সৈতে জড়িত কিছু লোকৰ নিজ আৱেগ প্ৰকাশৰ মাধ্যম ৰূপে ব্যৱহৃত “সংগীত” ক; যি “সংগীত” তাত বাস কৰা তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰাই চলি আহিছে। ইয়াৰ সৃষ্টি ক’ত, কেতিয়া আৰু কেনেদৰে সেই কথাৰ সৈতে অৱগত নহয় তেওঁলোকো; কিন্তু নদীৰ বৈশিষ্ট্য বিৱৰণ অথবা নৈখনক “পাগলা” আখ্যা দি তাৰ পুংখানুপুংখ বাখ্যা দাঙি ধৰে সংগীতৰ মাজেৰেই এওঁলোকে। বাৰিষাৰ কালত নৈখন এখন সাগৰলৈ পৰিণত হয়; যাৰ আদি-অন্তৰ পৰিসীমা চাব পৰা নাযায়। নৈখনে সেইটো সময়ত আপোন-পৰ নামানি উটুৱাই লৈ যায় সকলোকে। সেইখিনি সময়ত তাত ৰৈ যোৱা একাংশৰ বাবে আশ্বাস হৈ পৰে নেদেখা জন; ফলত তেওঁলোকে এনে গীত বোৰৰ জৰিয়তে আৰাধনা কৰে নেদেখা জনক।

"পাগলা নদী" ৰ কথাৰে পৰাশৰ বৰুৱাৰ "নদীৰ কুল নাই"- 2

গীত সমূহ পৰিৱেশনৰ বাবে কোনো নিৰ্দ্দিষ্ট উৎসৱ অথবা মঞ্চৰ এওঁলোকক প্ৰয়োজন নহয়। তথ্যচিত্ৰ খনত ব্যৱহৃত বিষয়বস্তু অথবা ইয়াৰ দৃশ্যাংশবোৰে অধিক জনসাধাৰণক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে কিশলয় ভট্টাচাৰ্য্য, নেশ্বনেল ফাউণ্ডেচন অৱ ইণ্ডিয়া আৰু আভা ফিল্মচে। আনহাতে, সহঃপ্ৰযোজনা কৰিছে ময়ূৰী ৰাজকোঁৱৰে।

"পাগলা নদী" ৰ কথাৰে পৰাশৰ বৰুৱাৰ "নদীৰ কুল নাই"- 3


“নদীৰ কুল নাই” য়ে ইতিমধ্যে 12th International Documentary & Short Film Festival of Kerala,2019 ত চুটি ছবি প্ৰতিযোগিতাৰ শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও ArtEast Art Festival India International Centre ত পোনপ্ৰথবাৰৰ প্ৰদৰ্শিত কৰা হৈছিল এই চুটি ছবিখন। লগতে, আন আন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ ছবি সমাৰহতো “নদীৰ কুল নাই” য়ে লাভ কৰিছিল সমাদৰ। অসমৰ সোণতলি গাওঁৰ আৰিকাটি, কাছাৰিপাম আৰু পূৰণ গাওঁ নামে ঠাইত বসবাস কৰা কেইবাগৰাকীও লোকৰ সহায়ৰ দ্বাৰা ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। দৃশ্যগ্ৰহণত জড়িত আছিল চন্দ্ৰ কুমাৰ লগতে উক্ত চুটি ছবিখনৰ শব্দ বিভাগত আছিল ক্ৰমে ৰুক্মজিৎ বৰুৱা আৰু নয়ন ভূঞা। সম্পাদনা কৰিছিল জেদৰিন ফুকনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform