Rupaliparda.com
সুশান্তৰ মৃত্যুৰ পিছত আৰক্ষীৰ ওচৰলৈ যাব নেকি ছলমান খান?? 1

সুশান্তৰ মৃত্যুৰ পিছত আৰক্ষীৰ ওচৰলৈ যাব নেকি ছলমান খান??

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়টোক লৈ আৰক্ষীয়ে নিজৰ বিচাৰ অব্যাহত ৰাখিছে। যদিও এয়া অভিনেতাগৰাকীৰ আত্মহত্যা বুলি কোৱা হৈছে তৎস্বত্বেও তেওঁৰ কোনো ধৰণৰ মানসিক অশান্তি বা হতাশগ্ৰস্ততাৰ বিষয়ক লৈ নিজৰ সোধ-পোছ কৰিছে আৰক্ষীয়ে। এই বিষয়টোক লৈ আৰক্ষীয়ে কিছুদিন পূৰ্বে ছলমান খানৰ মেনেজাৰ ৰেশ্মা ছেট্টীৰ সৈতে কথা-বতৰা পাতিছিল আৰু তেতিয়াৰ পৰাই বহুতেই কৈছিল যে সুশান্তৰ এই বিষয়টোক লৈ হয়টো ছলমান খানো যাবলগীয়া হ’ব পাৰে আৰক্ষীৰ ওচৰলৈ। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আৰক্ষীয়ে সুশান্তৰ সৈতে জড়িত প্ৰায় ৩৫ গৰাকী লোকক বৰ্তমানলৈ সোধ-পোছ কৰিছে। তাৰ ভিতৰত তেওঁৰ গাৰ্লফ্ৰেণ্ডকে আৰম্ভ কৰি অন্তৰ্ভূক্ত আছে অভিনেতা গৰাকীৰ ঘৰত কাম কৰা মানুহ, তেওঁৰ বন্ধু সন্দীপ সিং আৰু “দিল বেছাৰা” ৰ পৰিচালক মুকেশ ছাৱড়াও। ইয়াৰ উপৰিও আৰক্ষীয়ে পৰিচাকক সঞ্জয় লীলা ভঞ্চালিৰ সৈতেও আৰক্ষীয়ে কথা পাতে লগতে য়শৰাজ ফিল্মচৰ সৈতে সুশান্তৰ কন্ট্ৰেক্টৰ ওপৰতো নজৰ দিয়ে আৰক্ষীয়ে।

সুশান্তৰ মৃত্যুৰ পিছত আৰক্ষীৰ ওচৰলৈ যাব নেকি ছলমান খান?? 2
সুশান্তৰ মৃত্যুৰ পিছত আৰক্ষীৰ ওচৰলৈ যাব নেকি ছলমান খান?? 3


কিন্তু, ছলমানৰ মেনেজাৰ গৰাকীক সোধ-পোছৰ বাবে মতাই অনাত পিছত ছলমান খানকো যে এই কেছটোত অন্তৰ্ভূক্ত কৰা হ’ব এই কথাষাৰ একেবাৰতেই নুই কৰে আৰক্ষীয়ে। সুশান্তৰ বিষয়ক লৈ ছলমান খানক নামাতে বুলি জানিবলৈ দিয়ে মুম্বাই আৰক্ষী চকীৰ ডি.চি.পিয়ে। উল্লেখ্য যে, ছলমান খানৰ লগতে আন কেইবাগৰাকীও তাৰকাৰ বিৰুদ্ধে চচিয়েল মিডিয়াত বৰ্তমানেও ট্ৰোল চলি থকা দেখিবলৈ পোৱা গৈছে। সুশান্তৰ প্ৰসংগ অহাৰ লগতে নিৰ্দ্দিষ্ট কেইগৰাকীমান চিলেব্ৰেটীক আজুৰি অনা দেখিবলৈ পোৱা গৈছে তেওঁৰ অনুৰাগীক।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform