Rupaliparda.com
"লক-ডাউন" ৰ মাজতেই ইটোত পিছত সিটো গীতৰ মুক্তি ৰাকেশ ৰিয়ানৰঃ 1

“লক-ডাউন” ৰ মাজতেই ইটোত পিছত সিটো গীতৰ মুক্তি ৰাকেশ ৰিয়ানৰঃ

আকৌ এটি নতুন গীতৰ মুক্তি ৰাকেশ ৰিয়ানৰ। “লক-ডাউন” ৰ সময়ছোৱাতে কেইবাটাও নতুন গীতক লৈ আগবাঢ়িছিল কন্ঠশিল্পী গৰাকী। এইবাৰ মুক্তি লাভ কৰিছে তেওঁৰ আন এটি গীত “ভাগৰুবা জীৱনে জিৰণি বিচাৰে”। নিজ বাসগৃহতেই থাকি য’ত কোনোৱে চুটি ছবিৰ নিৰ্মাণ কৰিছে; তাতেই আকৌ কোনোৱে নিজ নিজ গীত সমূহৰ মুক্তি দিছে ঘৰৰ পৰাই। মুঠতে, নিজ অনুৰাগীক কোনো ক্ষেত্ৰতেই আমনি নিদিয়াৰ প্ৰচেষ্টা। অসমীয়া সংগীত শিল্পী সমূহৰ ভিতৰত উল্লেখনীয় ৰাকেশ ৰিয়ানৰ বৰ্তমানৰ প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হৈ উঠিছে। তেওঁৰ গীতক বন্ধৰ সময়ছোৱাতো আকোঁৱালি লৈছে বহু শ্ৰোতা ও দৰ্শকে। কিছুদিন পূৰ্বে তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “অস্ত বেলি” ৰ লগতে আন এক ৰোমান্টিক গীত “তুমি আৰু মই” ও লাভ কৰিছিল মুক্তি।

View this post on Instagram

18th JULY @shekhardrm @kakatichandan @tushar_gohain

A post shared by RAKESH REEYAN (@rakesh_reeyan_) on


উল্লেখ্য যে, ৰাকেশ ৰিয়ানৰ “আছুতীয়া কৈ থ’লো” শীৰ্ষক গীতটিয়ে শেহতীয়াকৈ লাভ কৰিছিল এক মিলিয়নতকৈও অধিক ভিউৱাৰচ। ২০০৮ চনত মুক্তিপ্ৰাপ্ত “জীঁয়া ঔ” গীতটিৰে অসমীয়া সংগীত ক্ষেত্ৰখনত সোমাই পৰা ৰাকেশ ৰিয়ান শ্ৰোতা ও দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছিল “দীপৰ বিলতে” শীৰ্ষক গীতটিৰ পৰাহে। তিনিচুকীয়া কাকপথাৰত জন্মগ্ৰহণ কৰা এই গৰাকী কন্ঠশিল্পীয়ে কিছুদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform