Rupaliparda.com
শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ "ঘোঁৰাপাক"- 1

শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ “ঘোঁৰাপাক”-

এখন চুটি ছবিত প্ৰায়ে আপোনালোকে একোটা হৃদয়স্পৰ্শী বস্তুৰ উপস্থাপন উপভোগ কৰিছে। প্ৰেম, বিষাদৰ পৰা আৰম্ভ কৰি এটা শিশুৰ মানসিক স্থিতিক লৈও নিৰ্মাণ কৰা হৈছে একোখন চুটি ছবি। কিন্তু, আপোনালোকে কেতিয়াবা শৈশৱত টোপনি নিঁয়াবলৈ ডাঙৰ বোৰে দেখুওঁৱা একোজন কাল্পনিক ভূতৰ কাহিনীক লৈ নিৰ্মিত চুটি ছবিৰ পৰিকল্পনা কৰিছিল নে?? নিশ্চয় নাই কৰা; কিয়নো আমি যিমানেই ডাঙৰ হৈ আহো এই নামবোৰত আমাৰ শৈশৱৰ মিঠা ৰোমান্থনৰ বাহিৰে আন একোৱে নাথাকে; সৰুতে যদিও এই কাহিনীবোৰে আমাক ৰোমাঞ্চিত কৰি গৈছিল কিন্তু পিছলৈ এই কাহিনীবোৰে আমাৰ মুখত এমোকোঁৰা হাঁহিহে সানি থৈ যায়। আপোনালোকক বাৰু এনে কি কি নামেৰে আগতে ভয় খুওঁৱা হৈছিল?? “খোঁপাধৰা”, “ঘোঁৰাপাক”, “যখিনী” আদি নামবোৰ একেবাৰেই সুলভ; প্ৰত্যেকেই এবাৰ নহ’লেও এবাৰলৈ এই নামবোৰ শুনি আতংকিত হৈছে। গতিকে, আপোনালোকক জনাব বিচাৰিছো উক্ত এটা নামৰ সৈতে এটা কাহিনীৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি।


হয়, ঠিকেই শুনিছে। “ঘোঁৰাপাক” শীৰ্ষক নামটিৰে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি। চিন্ময় বাৰ্মাৰ দ্বাৰা পৰিচালিত এই চুটি ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ট্ৰেইলাৰ। ট্ৰেইলাৰটোৰ পৰাই এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে যে চুটি ছবিখনে ৰোমাঞ্চিত কৰিবলৈ সক্ষম হ’ব সৰুৰ পৰা বৃদ্ধ দৰ্শকলৈ। “ঘোঁৰাপাক” এনে এটা ভূত যাৰ আধা অংশ মনুষ্যৰ আৰু আধা অংশ ঘোঁৰাৰ থাকে। সি কেতিয়াবা মানৱ ৰূপো লৈ পেলায় আৰু কোনো এজন সূস্থ মনুষ্যক নিজ আগ্ৰাসনত লৈ পেলায়। নদীৰ পাৰ অথবা পুখুৰীৰ পাৰত ইয়াক দেখিবলৈ পোৱা যায়; সকলোৰে নামৰ সৈতে অৱগত “ঘোঁৰাপাকে” মাছ খাবলৈ ভাল পায়। এই আটাইবোৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে “ঘোঁৰাপাক”।

শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ "ঘোঁৰাপাক"- 2


নলবাৰী স্থিত চিন্ময় বাৰ্মাৰ পৰিচালনাৰে নিৰ্মিত আন এখন চুটি ছবি “মৰমে ৰিঙিয়ায়” য়ে ইতিমধ্যে টোঁকৰ মাৰিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ছবি সমাৰোহতো। ইয়াৰ লগতে চুটি ছবিখনৰ প্ৰশংসা কৰে অসমীয়া জনপ্ৰিয় পৰিচালক ভাস্কৰ হাজৰিকাইও।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.