বিগত কেইবাদিনৰ পৰা চচিয়েল মিডিয়াত চৰ্চিত হৈ থকা ধাৰাবাহিক “নমামি” অতিশীঘ্ৰেই আহি আছে দৰ্শকৰ মাজলৈ। জনপ্ৰিয় অভিনেতা আৰু উক্ত ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰ ৰূপায়িতা অমিত কুমাৰ বৰাই প্ৰায়ে নিজ ইনষ্টাগ্ৰামত ধাৰাবাহিকখনৰ ভিন্ন পোষ্ট আপলোড কৰা দেখিবলৈ পোৱা যায়। এক কথাত ক’বলৈ গ’লে, ধাৰাবাহিকখনক লৈ আকৰ্ষিতও হৈছে অসমীয়া দৰ্শক; কিয়নো বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত ধাৰাবাহিকখনৰ বিভিন্নখন পোষ্টাৰে দৰ্শকক একঘেয়ামী কাহিনীৰ পৰা আঁতৰি নতুনৰ সোঁৱাদ দিবলৈ সক্ষম হ’ব বুলি বিভিন্ন জনে মন্তব্য আগবঢ়াইছে। নানান পাঁচনিৰ দ্বাৰা পৰিচালিত এই ধাৰাবাহিকখন কেতিয়াৰ পৰা আৰু কোনটো সময়ত সম্প্ৰচাৰ কৰা হ’ব তাৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

কামৰূপা ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত “নমামি” ত অমিত কুমাৰ বৰাৰ বাহিৰেও আন কেইবাটাও চৰিত্ৰত দেখিবলৈ পোৱা যাব জুনু নাথ, জুৰি শৰ্মা লগতে সাগৰিকা গোস্বামীক। পত্নী ও মাতৃৰ মাজত এজন পুত্ৰ/স্বামীৰ কি অৱস্থা হ’বগৈ তাকেই উপস্থাপন কৰা হৈছে উক্ত ধাৰাবাহিকখনত। কামৰূপা ক্ৰিয়েচনৰ বেনাৰত বিগত দিনত সম্প্ৰচাৰিত দুখন ধাৰাবাহিক ক্ৰমে “দামিনী” আৰু “নুপূৰ” য়ে টেলিভিছন পৰ্দাত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আকৌ এবাৰ, নয়ন সাউদৰ কাহিনীৰে নিৰ্মিত “নমামী” যোগে দৰ্শকক মনোৰঞ্জন প্ৰদানৰ আশ্বাস কামৰূপা ক্ৰিয়েছনৰ।
Add comment