সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ এই বিষয়টোত নিতৌ নতুন নতুন কথাৰ পৃষ্ঠা খোল খোৱা দেখিবলৈ পোৱা গৈছে। কেৱল তেওঁৰ পেছাগত জীৱনেই নহয়; ব্যক্তিগত জীৱনৰো ন-ন তথ্য বাহিৰলৈ অহা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ অহা খবৰ অনুসৰি, অভিনেতা সুশান্ত সিং ৰাজপুতে ৫ গৰাকীকৈ ভিন্ন মনোবৈজ্ঞানিকৰ কাষ চাপিছিল। মুম্বাই পুলিচে এনে মনোবৈজ্ঞানিকৰ দুগৰাকীক নিজৰ ওচৰলৈ মাতি কেইবাঘণ্টালৈ সোধপোছ অব্যাহত ৰাখে। সোধ-পোছ কৰাত এগৰাকী ডাক্তৰে কয় যে সুশান্ত তেওঁৰ ওচৰলৈ ৰিয়া চক্ৰৱৰ্তীৰ বন্ধুৰ নিৰ্দেশমৰ্মে গৈছিল। সেই সময়ত সুশান্ত ডিপ্ৰেছন আৰু ট্ৰোমাৰ সৈতে যুঁজি আছিল। মনোবৈজ্ঞানিক জনে লগতে কয় যে সুশান্ত সেই সময়ছোৱাত কোনো কাৰণত অধিক হতাশগ্ৰস্ত হৈ পৰিছিল যাৰ ফলত তেওঁৰ ভালকৈ টোপনি নহা, অশান্তিত থকা এই আটাইবোৰ তেওঁৰ হতাশাৰ আৰম্ভণিৰ প্ৰথমটো লক্ষণ আছিল। সুশান্ত যেতিয়া ডাক্টৰৰ ওচৰলৈ আহিছিল তেতিয়া তেওঁৰ সৈতে ৰিয়া চক্ৰৱৰ্তীও অহা বুলি ব্যক্ত কৰে মনোবৈজ্ঞানিক গৰাকীয়ে।


ইয়াৰ লগতে, কাউন্সলিঙৰ সময়ত সুশান্তৰ ভিন্ন নোট, মেডিকেল ফাইল আৰু অভিনেতা গৰাকীৰ সৈতে জড়িত কেইবাখনো অইন নোটকো আৰক্ষীক দিয়াৰ কথা কয় ডাক্টৰ জনক। ডাক্টৰ জনক সোধ-পোছ কৰা সময়ত অইন বহু তথ্যৰ উদ্ঘাটন হোৱা বুলি কোৱা হৈছে যদিও এই তথ্যসমূহ কি আছিল তাক বৰ্তমানেও জনসাধাৰণক জনোৱা নাই আৰক্ষীয়ে।
Add comment