Rupaliparda.com
জীৱনৰ কঠোৰ সময়বোৰ সহজে আৰু আৰামেৰে পাৰ কৰিছে ৰবি শৰ্মাইঃ 1

জীৱনৰ কঠোৰ সময়বোৰ সহজে আৰু আৰামেৰে পাৰ কৰিছে ৰবি শৰ্মাইঃ

জনসাধাৰণক প্ৰায় ক্ষেত্ৰতেই সাহস যুগুঁতাই আহিছে অভিনেতা ৰবি শৰ্মাই। প্ৰায় প্ৰতিটো বিষয়ত আগবাঢ়ি আহি জনসাধাৰণক সহায় কৰাৰ উপৰিও মানসিক ভাৱেও সঁহাৰি জনোৱা দেখিবলৈ পোৱা যায় অভিনেতা গৰাকীক। চচিয়েল মিডিয়াত প্ৰায়ে সক্ৰিয় হৈ থকা অভিনেতা গৰাকীয়ে শেহতীয়াকৈ এখন ফটো শ্বেয়াৰ কৰি কেপছন দিয়ে যে, “জীৱনৰ কঠোৰ সময়বোৰ পাৰ কৰিছো সহজে ও আৰামেৰে।” তেওঁৰ এনেবোৰ কথাই আচলতে দুগুণে সাহস বৃদ্ধি কৰে তেওঁৰ অনুৰাগীৰ। ২০০০ চনৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখনত খোজ পেলোৱা ৰবি শৰ্মা সেইটো সময়ৰ পৰাই বৰ্তমান সময়লৈ এগৰাকী জনপ্ৰিয় আৰু সফল অভিনেতা ৰূপে পৰিগণিত হৈ আহিছে।

জীৱনৰ কঠোৰ সময়বোৰ সহজে আৰু আৰামেৰে পাৰ কৰিছে ৰবি শৰ্মাইঃ 2

শেহতীয়াকৈ ৰূপালীপৰ্দাৰ সৈতে হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁ জনাইছিল যে এনে পৰিস্থিতিত দৰ্শকক অথবা জনসাধাৰণক প্ৰতিদিনে সজাগ আৰু সষ্টম হৈ থাকিবলৈ লগতে তেওঁলোকক এই পৰিস্থিতিৰ বিৰুদ্ধেও সূস্থ মানসিকাতৰে যুঁজ দিবলৈ আহ্বান জনাইছিল ৰবি শৰ্মাই। কিছু সময় পূৰ্বে এই অভিনেতা গৰাকী অভিনীত “Tell me its Grey” শীৰ্ষক চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছিল “স্পেচিয়েল ফেষ্টিভ মেনশ্বন”। ইয়াৰ উপৰিও ক’ৰ’ণা ভাইৰাছৰ সময়ত অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়াত লাইভ আহি বিভিন্ন ধৰণে অনুৰাগীক মানসিক ভাৱে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল।

জীৱনৰ কঠোৰ সময়বোৰ সহজে আৰু আৰামেৰে পাৰ কৰিছে ৰবি শৰ্মাইঃ 3


আগন্তুক সময়ত অভিনেতা গৰাকীৰ আহিবলগীয়া বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” য়ে বিগত বহু সময়ৰ পৰাই চৰ্চা লাভ কৰি আহিছে। “লক-ডাউন” ৰ ফলত বৰ্তমান সকলো স্থগিত হৈ পৰিছে যদিও ছবিখনে আগন্তুক সময়ত যে অসমীয়া ছবিৰ ধাৰাত উদ্গনি জগাব সেয়া নিশ্চিত হৈ পৰিছে। ন-পূৰণি বিভিন্ন শিল্পী অন্তৰ্ভূক্ত এই ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, অৰুণ নাথ, প্ৰীতিকংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা, প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform