Rupaliparda.com
"বাহুৱলী" ৰ কট্টাপ্পাৰ চৰিত্ৰটো পোন প্ৰথমে কাক দিয়া হৈছিল জানেনে? 1

“বাহুৱলী” ৰ কট্টাপ্পাৰ চৰিত্ৰটো পোন প্ৰথমে কাক দিয়া হৈছিল জানেনে?

অভিনেতা প্ৰভাস অভিনীত ছবি “বাহুৱলী” য়ে মুক্তিৰ পূৰ্বৰ পৰাই বৰ্তমানলৈ বহুল চৰ্চা লাভ কৰি আহিছে। ছবিখনৰ বক্স অফিচ কালেকচনৰ লগতে ইয়াৰ কাহিনী আছিল লেখত ল’বলগীয়া; এই “বাহুৱলী” ছবিখনত মহেন্দ্ৰ সিং বাহুৱলীৰ চৰিত্ৰটোৰ লগতেই দৰ্শকৰ গুৰুত্ব আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ছবিখনৰ “কট্টাপ্পা” নামৰ চৰিত্ৰটোও। এই “কট্টাপ্পা” ক উদ্দেশ্য এটা প্ৰশ্নও ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত; যিটো আছিল “কট্টাপ্পা নে বাহুৱলী কৌ কিউ মাৰা?” কট্টাপ্পাৰ কেৱল মাত্ৰ চৰিত্ৰটোৱে নহয়; চৰিত্ৰটো ৰূপায়িত অভিনেতা গৰাকীৰো প্ৰশংসা কৰিছিল দৰ্শকে। কিন্তু আপোনালোকে জানেনে? চৰিত্ৰটো পোন প্ৰথমে অফাৰ কৰা হৈছিল বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতাক। আৰু, এক কথাত ক’বলৈ যিগৰাকী অভিনেতাক অফাৰ দিয়া হৈছিল তেওঁ কট্টাপাৰ চৰিত্ৰটোৰ সৈতে সম্পূৰ্ণৰূপে খাপ খালেহঁতেন।

"বাহুৱলী" ৰ কট্টাপ্পাৰ চৰিত্ৰটো পোন প্ৰথমে কাক দিয়া হৈছিল জানেনে? 2
"বাহুৱলী" ৰ কট্টাপ্পাৰ চৰিত্ৰটো পোন প্ৰথমে কাক দিয়া হৈছিল জানেনে? 3


এই অভিনেতা গৰাকী আছিল বলীউডৰ সঞ্জয় দত্ত। কিন্তু কোনো কাৰণবশতঃ এই আটাইবোৰ সম্ভৱ হৈ নুঠিল। আৰু, পিছলৈ এই চৰিত্ৰটো ৰূপায়ন কৰে সত্যৰাজে। কট্টাপ্পাৰ চৰিত্ৰটোৰ বাবে সঞ্জয় দত্তক সোধা হৈছিল যদিও খবৰনুসৰি গম পোৱা গৈছে যে সঞ্জয় দত্তই সেইটো সময়ত জেলত নিজৰ ভাগৰ শাস্তি ভুগি আছিল। কিন্তু আপোনালোকক নক’লেও হয়টো বুজিব যে সঞ্জয় দত্তই এই চৰিত্ৰটো ৰূপায়ন কৰিলে সঁচাকৈ ছবিখন উপভোগ্য হ’লহেতেঁন।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.