নিজৰ ইচ্ছাৰ পথত আগবাঢ়িবলৈ হ’লে বহু ক্ষেত্ৰত একোজন ব্যক্তিবিশেষৰ জীৱনত তেওঁক সহায় কৰিবলৈ আগবাঢ়ে তেওঁৰ পিতৃ-মাতৃ অথবা পৰিয়ালৰ ভিন্ন জন সদস্যই। কিন্তু একোজন ব্যক্তিৰ জীৱনত এনে কিছু লগৰীয়াও থাকে যিয়ে ব্যক্তিগৰাকীক নিজ ইচ্ছাক চুমিবলৈ নাইবা সফলতাৰ শিখৰত বগাবলৈ সুবিধা দিয়াৰ লগতে অহৰহ সহায় কৰে। মেট্ৰিক পৰীক্ষা দি উঠি সংগীতৰ প্ৰতি নতুনকৈ আকৰ্ষিত হোৱা কন্ঠশিল্পী প্ৰাঞ্জল প্ৰান্তিক বিগত ২০১০ চনৰ পৰাই এই সংগীতক্ষেত্ৰ খনৰ সৈতে জড়িত। বন্ধুবৰ্গৰ সৈতে নিজ ইচ্ছাক আগুৱাই লৈ গৈ তেওঁ ক্লাচিকেল সংগীতৰো শিক্ষা গ্ৰহণ কৰিছিল। “বিচাৰো তোমাক”, “তৰাৰ মাজলে” আদি গীত সমূহত কন্ঠদান কৰাৰ লগতে অসমীয়া কেইবাটাও গীত ৰচনা কৰাৰ উপৰিও ইয়াত সুৰ দিয়াৰ ক্ষেত্ৰতো আগবাঢ়িছে প্ৰাঞ্জল প্ৰান্তিক। সফলতাৰ শিখৰত আগবাঢ়িবলৈ হ’লে নিতৌ নতুন কষ্ট ও সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰাঞ্জল প্ৰান্তিক বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী বুলি ক’ব নোৱাৰিলেও আচলতে তেওঁ কৰা প্ৰচেষ্টাক নুই কৰিব নোৱাৰি।
সংগীত ক্ষেত্ৰখনত নিজ স্থিতিক মজবুত কৰিবলৈ তেওঁ জীৱন নিৰ্বাহৰ বাবে কৰা এটা চাকৰিৰ মাজতো সংগীত চৰ্চা কৰিছিল। যোৰহাটত জন্মগ্ৰহণ কৰা প্ৰাঞ্জল প্ৰান্তিকে ৰূপালীপৰ্দাক দিয়া এক সাক্ষাৎকাৰত তেওঁক “সংগীত, ইচ্ছা নে বৃত্তি” বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে, “মই জানিব হোৱাৰ পৰা কোনোদিন জীৱনত এটা চাকৰি অথবা বিজনেছ কৰিম বুলি ভবা নাই; মোৰ ইচ্ছাটো সদায় সংগীতৰ সৈতেই জড়িত আছিল আৰু এই ইচ্ছাটোক লগত লৈয়ে মই এগৰাকী মিউজিচিয়ানৰ পেছাটোৰ দিশে আগবাঢ়িছো। মোৰ পৰিয়ালৰ কোনো এনে লোক নাই যি মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত; মইয়ে প্ৰথম। মই কৰি অহা এই কামখিনিক বৰ্তমান পৰিপ্ৰেক্ষিতত সঁহাৰিও জনাইছে বিভিন্নজনে গতিকে আগলৈও মোৰ এই ইচ্ছাটো পেছাৰূপে লৈ আগবাঢ়িব খুজিছো।”


প্ৰাঞ্জল প্ৰান্তিকৰ গীত সমূহৰ সৈতে প্ৰায়ে তেওঁৰ বন্ধুবৰ্গ জড়িত হৈ আছে বুলি কন্ঠশিল্পী গৰাকীয়ে মন্তব্য কৰি আহিছে। তেওঁক এই দিশটোত আগবঢ়া ক্ষেত্ৰত সহায় কৰিছিল বন্ধুয়ে।
Add comment