এখন ছবি নিৰ্মাণৰ আঁৰত জড়িত হৈ থাকে বহু কেইজন ব্যক্তি। অভিনেতা-অভিনেত্ৰীৰ পৰা আৰম্ভ কৰি এখন ছবিৰ সফলতাৰ সৈতে জড়িত থাকে তাত উপস্থিত মেক-আপ অথবা কেমেৰা মেনলৈ প্ৰতিজন। আৰু, এই প্ৰতিজন ব্যক্তিৰ উৰ্দ্ধত ছবিখনৰ প্ৰি-প্ৰডাকচনৰ পৰা তাৰ সৈতে ওতঃপ্ৰোতভাৱে সংলগ্ন হৈ থাকে ইয়াৰ প্ৰযোজক গৰাকী। দুখনকৈ জনপ্ৰিয় আৰু সফল অসমীয়া ছবিৰ প্ৰযোজনা কৰা “Metanormal” প্ৰডাকচন হাউচে সম্প্ৰতি সময়ত দৰ্শকৰ আকৰ্ষণ টানিবলৈ সক্ষম হৈছে। উক্ত প্ৰডাকচন হাউচটোৰ পৰা মুক্তিপ্ৰাপ্ত একোখন ছবিয়ে ঘৰুৱা দৰ্শকৰ উপৰিও সমাদৰ লাভ কৰিছিল ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দৰ্শক ও সমালোচকৰো। এই প্ৰডাকচন হাউচটোৰ সৈতে জড়িত এগৰাকী প্ৰযোজক শ্যাম বৰাৰ লগত ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা কথা বতৰাত “Metanormal” ৰ বিষয়ে তেওঁ জনাইছিল। তেওঁ কয় যে, “Metanormal Motion Pictures” ২০১৩ চনত পৰিচালক ভাস্কৰ হাজৰিকাই স্থাপন কৰি উলিয়াইছিল।”
আগলৈ তেওঁ জনায় যে, “ই যদিও দিল্লীস্থিত এক কোম্পানী তৎস্বত্বেও আমি উল্লেখনীয় ভাৱে গ্ৰহণ কৰো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰোমাঞ্চিত কাহিনী; যিবোৰ কাহিনী ব্যতিক্ৰম হোৱাৰ উপৰিও যিয়ে সম্প্ৰতি পৰিস্থিতিৰ এটা বিষয়ক প্ৰতিফলিত কৰাৰ উপৰিও যাৰ এটা উদ্দেশ্য আৰু নিৰ্দ্দিষ্ট অৰ্থ থাকে। “কথানদী” ৰ পিছত আমাৰ ফালৰ পৰা মুক্তি দিয়া হৈছিল “আমিষ”; শেহতীয়াকৈ আমি আমাৰ তৃতীয়খন ছবিক লৈ ব্যস্ত হৈ আছো যিখন ক’ভিড ১৯ ৰ এনে পৰিস্থিতিৰ আগছোৱাত কিছু অংশৰ শ্বুটিং কৰা হৈছিল কিন্তু কিছু অংশ ৰৈ গৈছিল। আশা কৰো যাতে, এই মহামাৰীৰ বাবে হোৱা সময়বোৰ সোনকালেই শেষ হওঁক আৰু অহা বছৰলৈ যাতে আমি ছবিখন মুক্তি দিব পাৰো। এইখিনিতে, এটা কথা উল্লেখ কৰিবই লাগিব যে আমি “Metanormal” ত অইন কিছু ভাষাৰ ছবিকো অন্তৰ্ভূক্ত কৰিবলৈ আৰম্ভ কৰিছো। হিন্দী আৰু অৰুণাছলৰ যিটো পাহাৰীয়া ভাষা, সেই ভাষাৰে নিৰ্মিত একোখন স্বাধীন ছবিৰ কাম কৰি আছো; ইতিমধ্য আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো “Metanormal” য়ে কাম আৰম্ভ কৰিছে, যিখন ইৰানৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি। “Azhang” শীৰ্ষক এই ছবিখন আৰু উক্ত অৰুণাছলী ভাষাৰ কাহিনীৰ ওপৰত নিৰ্মিত ছবিখনৰ এতিয়া কাম কৰি থকা হৈছে।”
ইয়াৰ উপৰিও, এগৰাকী প্ৰযোজকৰ এখন ছবিৰ ক্ষেত্ৰত থকা দায়বদ্ধতাৰ বিষয়ে সোধাত তেওঁ কৈছিল যে, “এগৰাকী প্ৰযোজক হিচাপে ব্যক্তিবিশেষৰ কেইবাটাও ভিন্ন নিয়মাৱলী আছে। ছবিখনৰ কাহিনীৰ ওপৰত আমি বেছি গুৰুত্ব প্ৰদান কৰো। কাহিনীভাগৰ দূৰদৰ্শিতাৰ লগতে ইয়াক কেনেকৈ দৰ্শকৰ মাজত উপস্থাপন কৰা হয় তাক আমি চাবলৈ চেষ্টা কৰো। কাহিনীটো যেতিয়া “ডেভলপিং ষ্টেজ” ত থাকে তেতিয়াই আমি তাৰ গুণাগুণ নিৰ্দ্ধাৰণ কৰি ভাবি লওঁ যে আমাৰ টাৰ্গেট অডিয়েন্স কোন হয়! এক কথাত ক’বলৈ গ’লে এখন ছবিৰ কাহিনীভাগেই স্পষ্ট কৰি দিয়ে যে ই কাক আকৰ্ষণ কৰিব অথবা আমি ছবিখন এতিয়া মুক্তি দিব পাৰিম নে দুবছৰ পিছতহে মুক্তি দিলে ই দৰ্শক পাব! লগতে, কাহিনীটো কি? কাহিনীটো কোনে ক’ব বিচাৰিছে অথবা কাহিনীটোত কিমান শক্তি আছে এই আটাইবোৰত যদি পুংখানুপুংখতা নাথাকে তেতিয়াহ’লে এগৰাকী প্ৰযোজক হিচাপে তাত আমাৰ সন্তুষ্টি নাথাকে। গতিকে, এটা কাহিনীৰ ওপৰত এজন প্ৰযোজকে অধিক গুৰুত্ব বিস্তাৰ কৰে।
এজন ছবি পৰিচালকে তেওঁ ছবিখনৰ কাহিনীভাগ লগত লৈ কি বাৰ্তা প্ৰেৰণ কৰিব খুজিছে লগতে তেওঁৰ সেই দৃষ্টিভংগীৰ সৈতে মোৰ দৃষ্টিভংগীৰ খাপ খাইছে নে নাই এই আটাইবোৰ আমি চাবলৈ চেষ্টা কৰো। বৰ্তমান পৰিপ্ৰেক্ষিতত যদিও পূৰ্ণদৈৰ্ঘ্যৰ ছবি সমূহ সৰুৰ পৰা ডাঙৰ দৰ্শকলৈ ভাগ হৈছে তথাপিও আমি চেষ্টা কৰো যাতে আমাৰ ছবিখনে সৰুৰ পৰা ডাঙৰ দৰ্শক সকলোকে আকৰ্ষণ কৰিব পাৰে। এগৰাকী প্ৰযোজক ৰূপে মই এই আটাইবোৰ বস্তুত গুৰুত্ব দিওঁ।”
Add comment