Rupaliparda.com
সুশান্তৰ বাবে দৃঢ়তাৰে থিয় দিছে অংকিতাঃ বিহাৰ পুলিচক কৰিছে সহায়- 1

সুশান্তৰ বাবে দৃঢ়তাৰে থিয় দিছে অংকিতাঃ বিহাৰ পুলিচক কৰিছে সহায়-

সুশান্ত সিং ৰাজপুতৰ পূৰ্ব প্ৰেয়সী অংকিতা লোখণ্ডেই এতিয়া পূৰ্ণৰূপত সহায় আগবঢ়াইছে বিহাৰ আৰক্ষীক। অভিনেতা সুশান্তক লৈ এমাহৰ পিছত মুখ খুলিলেও তেওঁ নিজৰ মন্তব্য দৃঢ় ভাৱে ৰখা দেখিবলৈ পোৱা গৈছে। নতুন নতুন বহু কথাৰেই উত্থাপন কৰিছে অভিনেত্ৰী গৰাকীয়ে ইতিমধ্যে। শেহতীয়াকৈ বিহাৰ পুলিচে অভিনেতা গৰাকীৰ মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে মুম্বাই আহিছিল আৰু ইজনকৈ সিজনকৈ অভিনেতা গৰাকীৰ সংস্পৰ্শত থকা বিভিন্ন লোকৰ মন্তব্য গ্ৰহণ কৰিছে। কিন্তু, বিহাৰ পুলিচ মুম্বাইলৈ আহি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকক মুম্বাই পুলিচেও বৰ্তমানলৈ কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বুলি শুনিবলৈ পোৱা গৈছে। ইয়াৰ বাবে বিহাৰ পুলিচে সোধ-পোছৰ বাবে এঠাইৰ পৰা আনঠাইলৈ খোজকাঢ়ি অন্যথা অটো’ৰ জৰিয়তেই আগবাঢ়িছে।

সুশান্তৰ বাবে দৃঢ়তাৰে থিয় দিছে অংকিতাঃ বিহাৰ পুলিচক কৰিছে সহায়- 2


অংকিতা লোখণ্ডেৰ বাসগৃহত বিহাৰ পুলিচ উপস্থিত হৈছিল আৰু তেওঁৰ সৈতে সোধ-পোছ কৰি আহিবলৈ ওলোৱা সময়ছোৱাত অংকিতাই কৰা সহায়ৰ কথা জানিবলৈ পালে আপুনিও নিশ্চয় সুখী হ’ব। অভিনেত্ৰী গৰাকীয়ে নিজৰ জগুৱাৰ গাড়ীখন বিহাৰ পুলিচক দিয়ে আৰু তেওঁলোকক অইন স্থানলৈ লৈ যোৱাত সহায় কৰে। অংকিতাই কৰা সহায়ৰ পিছত সুশান্তৰ প্ৰতিজন অনুৰাগী উৎসাহিত হৈ তেওঁক চচিয়েল মিডিয়া যোগেই ধন্যবাদ জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, ক’ভিডৰ ফলত মুম্বাইত যান-বাহন সেৱা লাঘৱ কৰা হোৱা বাবেই বিহাৰ পুলিচ খোজকাঢ়িয়ে নিজ তদন্ত অব্যাহত ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.