Rupaliparda.com
অন্তৰা নন্দী ও অংকিতা নন্দীৰ অব্যাহত জনপ্ৰিয়তাঃ 1

অন্তৰা নন্দী ও অংকিতা নন্দীৰ অব্যাহত জনপ্ৰিয়তাঃ

আমি বৰ্তমানলৈ বহু গীতৰ কভাৰ উপভোগ কৰিছো; বিভিন্ন কভাৰ এনেও থাকে যি আমাৰ মন মগজুত এনেদৰে সোমাই পৰে যে আমি তাৰ প্ৰকৃত সংস্কৰণটোকেই পাহৰি থাকো। এনেধৰণৰ বহু কভাৰ প্ৰস্তুতিৰে এইবাৰ জনসাধাৰণৰ মন-মগজুত সোমাই পৰিছে দুই ভগ্নী ক্ৰমে অন্তৰা নন্দী আৰু অংকিতা নন্দী। অসমীয়া,হিন্দী গীতকে আৰম্ভ কৰি তেওঁলোকে আন কেইবাটাও ভাষাত কভাৰ প্ৰস্তুত কৰি জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। অন্তৰা নন্দীক সমগ্ৰ ভাৰতবৰ্ষই টেলিভিছন পৰ্দাত অথবা তেওঁৰ কন্ঠই পূৰ্বতেই লাভ কৰিছিল চিনাকী কিন্তু সম্প্ৰতি নিজ কনিষ্ঠ ভগ্নী অংকিতা নন্দীৰ সৈতে লগ হৈ কিছু “যুগলবন্দী” ৰে দৰ্শক ও শ্ৰোতাক আকৌ এবাৰ মোহাচ্ছন্ন কৰি তুলিছে এওঁলোকে। এই দুই ভগ্নী বৰ্তমান থাকে মহাৰাষ্ট্ৰত। “লক-ডাউন” ৰ সময়ছোৱাত ৰঙালী বিহুক লৈ এওঁলোকে কন্ঠদান কৰি উলিওৱা এটি বিহু গীতক চচিয়েল মিডিয়াত বহুল হাৰত শ্বেয়াৰ কৰা হৈছিল। সাধাৰণ জনৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও শ্বেয়াৰ কৰিছিল তেওঁলোকে কন্ঠদান কৰা গীতটিক। ক্ষন্তেকতে তেওঁলোকে নাম পাইছিল “ভাইৰেল গাৰ্লছ” ৰূপে।

https://www.instagram.com/tv/CC0JtpmBGTp/?utm_source=ig_web_copy_link


শেহতীয়াকৈ তেওঁলোকৰ কন্ঠৰে মুক্তি লাভ কৰা ” কিতনা সোহনা” শীৰ্ষক গীতটিয়ে আকৌ এবাৰ শ্ৰোতা তথা দৰ্শকক মোহাচ্ছন্ন কৰি তুলিছে। কিছুদিন পূৰ্বে তেওঁলোকৰ সৈতে যুগলবন্দী কৰি নৃত্য প্ৰদৰ্শন কৰিছিল অসমীয়া অভিনেত্ৰী ও নৃত্যশিল্পী মেঘৰঞ্জনীও। মুঠতে, অসমত থকা প্ৰতিভাৰ হিচাপ নাই; প্ৰতিটো সময়তে এওঁলোকে আপ্ৰাণ চেষ্টা চলাই নিজ প্ৰতিভাৰে দৰ্শকৰ কাষ চপাৰ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.