Rupaliparda.com
"কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক"- য়াশাশ্ৰী ভূঞা 1

“কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক”- য়াশাশ্ৰী ভূঞা

বিগত বৰ্ষত “ভাড়াঘৰ” ত দেখিবলৈ পোৱা এখন চিনাকী মুখ। উক্ত চৰিত্ৰটোৰেই হাজাৰ হাজাৰ জন দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হোৱা য়াশাশ্ৰী ভূঞা বৰ্তমান নৱপ্ৰজন্মৰ মাজৰ এখন চিনাকী মুখ। “ব্ৰেষ্টফ্ৰেণ্ড” ৰ নামত বয়ফ্ৰেণ্ডক কৰা প্ৰতাৰণা, “He is my bestrfrind no” বুলি কয় ফুৰি থকা ছোৱালীজনীৰ মাজত থকা অভিনয়ৰ পোকটোক নিশ্চয় সকলোৱে চিনিব পাৰিছে। কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত য়াশাশ্ৰীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত দুখন চুটি ছবিত কৰা অভিনয়ৰ দ্বাৰা তেওঁ জনসাধাৰণৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। “ভালটো মই তোমাকে পাওঁ” লগতে “আজিও আছো ৰৈ” য়ে ইউটিউবত লাভ কৰিছে অভিলেখ সংখ্যাত ভিউৱাৰচ। নৱপ্ৰজন্মই কৰা এনে কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ প্ৰচেষ্টাৰ ভিত্তিত দৰ্শকেও আগন্তুক সময়ত আৰু বহু সুন্দৰ বস্তু উপভোগ কৰা ইচ্ছা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে যেতিয়া য়াশাশ্ৰীক অভিনয় যাত্ৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “স্কুলীয়া জীৱন আৰম্ভণিৰ পৰা অৰ্থাৎ মই প্ৰথম শ্ৰেণীৰ পৰাই অভিনয় ক্ষেত্ৰখনত যোগদান কৰিছিলো। মোৰ দেউতা, বৰদেউতা আৰু খুড়াই এইক্ষেত্ৰত মোক আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিছিল; তেওঁলোকৰ পৰাই মই নাটকৰ আদিপাঠ শিকিছো।”

"কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক"- য়াশাশ্ৰী ভূঞা 2


তেওঁ কয় যে, “নাটক মই সৰুৰ পৰা কৰি আহিছো আৰু বৰ্তমানলৈ ইয়াক অব্যাহত ৰাখিছো। আচলতে, নাটকেই আছিল মোৰ অভিনয় ক্ষেত্ৰত প্ৰথম খোজ।” দ্বিতীয়টো প্ৰশ্নত তেওঁক সোধা হৈছিল যে অভিনয় তেওঁৰ বাবে নিচা নে পেছা? ইয়াৰ উত্তৰৰ তেওঁ কৈছিল “সৰুৰ পৰাই মই অভিনয় কৰিছো আৰু ইয়াৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছো। গতিকে ইয়াক মই মোৰ “পেছা” নকয় “নিচা” বুলিহে স্বীকৃতি দিম; কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক। মই ইয়াক যথেষ্ট ভাল পাঁও।” আনহাতে, আগন্তুক প্ৰচেষ্টা কি হাতত লৈছে বুলি ৰূপালীপৰ্দাই কৰা প্ৰশ্নত য়াশাশ্ৰীয়ে কয় যে, “প্ৰচেষ্টা বুলি ক’বলৈ গ’লে মই ক’ম যে মই প্ৰথমতে এগৰাকী সু-নাগৰিক হোৱাৰ চেষ্টা কৰিছো। লগতে, মই বৰ্তমান কটন বিশ্ববিদ্যালয়ত স্নাতক বৰ্ষৰ শেষৰটো ষান্মাষিকৰ ছাত্ৰী গতিকে এনেক্ষেত্ৰত মই পঢ়াৰ সমান্তৰালকৈ অভিনয় কৰিবলৈ যেনেদৰে সুবিধা পাওঁ তেনেদৰে আগবাঢ়িম বুলি ভাবিছো। বৰ্তমানলৈ, তেনে কোনো নিৰ্দ্দিষ্ট প্ৰকল্প নাই।”

"কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক"- য়াশাশ্ৰী ভূঞা 3
"কিয়নো অভিনয়ৰ মই আজন্ম প্ৰেমিক"- য়াশাশ্ৰী ভূঞা 4


উল্লেখ্য যে, অসমীয়া সাংস্কৃতিক দিশটোৰ কেইবাটাও অংশৰ সৈতে স্বতঃৰ্স্ফূত ভাৱে জড়িত য়াশাশ্ৰীৰ উপৰোক্ত উত্তৰ সমূহে নিশ্চয় তেওঁৰ অনুৰাগীক সকাহ দিছে। তেওঁ অভিনীত সদ্যমুক্তিপ্ৰাপ্ত দুইখন ধাৰাবাহিকতে তেওঁৰ সৈতে অভিনয় কৰিছে বেদব্ৰত বৰুৱাই। ৰূপালীপৰ্দাৰ ফালৰ পৰা য়াশাশ্ৰীলৈ জনাইছো তেওঁৰ আগন্তুক জীৱনৰ অলেখ শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform