Rupaliparda.com
একাংশ অসমীয়া শিল্পীৰ অন্তৰ্ভূক্তিৰে প্ৰকল্প "এই সময়"- 1

একাংশ অসমীয়া শিল্পীৰ অন্তৰ্ভূক্তিৰে প্ৰকল্প “এই সময়”-

কন্ঠশিল্পী দীক্ষু শৰ্মা আৰু বিজিয়েতা পাটগিৰীৰ যুঁটিটো সঁচাকৈ লেখত ল’বগীয়া। দুয়ো পতি-পত্নীৰ যুঁটীয়া প্ৰচেষ্টাৰে নিৰ্মিত অথবা মুক্তিপ্ৰাপ্ত একোটা গীতে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। দীক্ষুৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি তেওঁৰ গীতত কথা দিয়ালৈ প্ৰতিটো ক্ষেত্ৰতেই লগ দিয়া দেখিবলৈ পোৱা যায় কন্ঠশিল্পী গৰাকীৰ পত্নীক। “লক-ডাউন” ৰ আৰম্ভণিৰ সময়ছোৱাতে তেওঁলোকৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তি লাভ কৰিছিল এটি “একান্ত ব্যক্তিগত” শীৰ্ষক কবিতাটোও। এইবাৰো এটি গীতৰ সৈতে আহিবলৈ সাজু হৈছে দুই গৰাকী পতি-পত্নী; সমান্তৰালকৈ ইয়াৰ সৈতে সংলগ্ন থকা আন এটি খবৰে আকৌ এবাৰ উৎসাহিত কৰিছে অসমীয়া দৰ্শকক। জনপ্ৰিয় অসমীয়া শিল্পী ত্ৰিদীব লাহনৰ পৰিচালনা,চিত্ৰনাট্য আৰু সংলাপেৰে নিৰ্মিত চুটি ছবি “এই সময়” ত অন্তৰ্ভূক্ত কৰা এই গীতটিত কথা দিছে বিজিয়েতাই আৰু ইয়াত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই।

https://www.instagram.com/p/CDWGLYFgGXq/?utm_source=ig_web_copy_link


ইতিমধ্যে ফাৰ্ষ্ট লুক পোষ্টাৰ মুক্তি লাভ কৰা উক্ত চুটি ছবিখনত অভিনয় কৰিছে দীক্ষু শৰ্মাৰ লগতে গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস আৰু কল্পনা কলিতাই। জনসাধাৰণক উক্ত প্ৰকল্পটোৰ বৰ বেছি জানিবলৈ দিয়া হোৱা নাই যদিও অসমীয়া জনসাধাৰণ উক্ত প্ৰকল্পটোক লৈ উৎসাহিত হৈ পৰিছে। অতি শীঘ্ৰেই এই প্ৰকল্পটো জনসাধাৰণৰ সমুখলৈ অহাৰ কথা জনাইছে বৰ্তমান ইয়াৰ সৈতে জড়িত কলা-কুশলীয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform