Rupaliparda.com
এটা ফোন আৰু নথিপত্ৰ হেৰাই গ'ল মুম্বাই আৰক্ষীৰঃ 1

এটা ফোন আৰু নথিপত্ৰ হেৰাই গ’ল মুম্বাই আৰক্ষীৰঃ

এটা ফোন আৰু মুম্বাই আৰক্ষীৰ হাতৰ পৰা হেৰাই থাকিল সুশান্ত সিং ৰাজপুতৰ পূৰ্বে মেনেজাৰ দিশা সালিয়নৰ মৃত্যুৰ কেছ ৰিপোৰ্ট। হয়, আপোনালোকে ঠিকেই শুনিছে; বিহাৰ পুলিচে বৰ্তমান সুশান্ত সিং ৰাজপুত মৃত্যুৰ ঘটনাটোৰ সৈতে তেওঁৰ পূৰ্ব মেনেজাৰ গৰাকীৰ মৃত্যুৰো তদন্ত চলাবলৈ বিচাৰিছে। আৰু এনে পৰিপ্ৰেক্ষিততেই এওঁলোক দিশাৰ মৃত্যুৰ সমগ্ৰ নথি-পত্ৰ যুগুতাবলৈ কাষ চাপে মুম্বাই আৰক্ষী চকীৰ। বিগত বহু দিনৰ পৰাই এই কথা কোৱা হৈছে যে মুম্বাই পুলিচ কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই বিহাৰ পুলিচক আৰু তেনে এক বাতৰিয়ে এতিয়াও খলকনি লগাইছে চচিয়েল মিডিয়াত ও সচেতন মহলত। জানিব পৰা মতে, বিহাৰ পুলিচক যেতিয়া মুম্বাই পুলিচে দিশাৰ নথিপত্ৰ সমূহ দিবলৈ প্ৰস্তুত হৈছিলে তেতিয়াই তেওঁলোকৰ তাত এটা ফোন আহে আৰু তাৰ পিছতেই মুম্বাই পুলিচে দিশাৰ ফাইল ডিলিট হৈ যোৱা বুলি প্ৰকাশ কৰে।

এটা ফোন আৰু নথিপত্ৰ হেৰাই গ'ল মুম্বাই আৰক্ষীৰঃ 2


বিহাৰ পুলিচে তেওঁলোকৰ সৈতে থকা এগৰাকী প্ৰতিনিধিয়ে এই নথি-পত্ৰ সমূহ পুনৰাই উলিয়াই ল’ব পাৰিম কোৱাতো তেওঁলোকক এই ব্যৱস্থা কৰি নিদিলে মুম্বাই আৰক্ষীয়ে; লগতে কথিত ৰূপত বিহাৰ পুলিচক এই সমূহ কথাৰ পৰা আঁতৰি থকাৰো কথা কয়। অভিনেতা সুশান্তৰ মৃত্যু বৰ্তমান ৰহস্য হৈ পৰিছে। প্ৰতিদিনাই নতুন নতুন কথা জানিবলৈ পোৱা গৈছে। বিহাৰ পুলিচে পূৰ্ণৰূপত বৰ্তমান নিজ তদন্ত অব্যাহত ৰাখিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.