Rupaliparda.com
কিয় সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল অংকিতা?- 1

কিয় সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল অংকিতা?-

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ প্ৰায় এমাহৰ পিছত অভিনেত্ৰী অংকিতা লোখণ্ডে নিজ মুখ খোলা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বিভিন্ন চেনেলত বৰ্তমান খুলি কথা কৈছে সুশান্তৰ পূৰ্ব প্ৰেয়সী গৰাকীয়ে। যেতিয়া এক সাক্ষাৎকাৰত সোধা হৈছিল যে তেওঁ কিয় সুশান্তৰ অন্ত্যোষ্টিক্ৰিয়াত উপস্থিত নাছিল তেতিয়া অংকিতাই কৈছিল যে, “মই জানো সুশান্তক মই তেনে অৱস্থাত চাব নোৱাৰো সেইবাবেই মই নগ’লো। তেওঁৰ মৃত্যুৰ দিনা যেতিয়া মোক এগৰাকী সাংবাদিকে কৈছিল যে সুশান্তৰ মৃত্যু হৈছে; সেইটো কথা শুনিয়ে মোৰ ভৰি তলৰ পৰা মাটি ওলাই গৈছিল। মোৰ এনে অনুভৱ হৈছিল যেন মই শেষ হৈ গৈছো। গতিকে মই ভাবি লৈছিলো যে মই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাথাকো নহ’লে মই সেই দৃশ্য পাহৰিব নোৱাৰিম।” ইয়াৰ উপৰিও অংকিতাই সুশান্ত কিয় ইমান অধিক অনুৰাগীৰ কাষত থাকে বা চচিয়েল মিডিয়াত কিয় সক্ৰিয় থাকে সেই বিষয়ক লৈও খুলি কয়।

কিয় সুশান্ত সিং ৰাজপুতৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত নাছিল অংকিতা?- 2


অভিনেত্ৰী গৰাকীয়ে কয় যে, “সুশান্তে সদায় কৈছিল যে মই অনুৰাগীৰ কাষ চাপিব লাগিব, কিয়নো এওঁলোকেই মোক সঁহাৰি জনাব। ইয়াত মোৰ কোনো “গডফাদাৰ” নাই; কোনোবাদিনা মই অসফল হ’লে মোৰ ওচৰত আৰু মই পুনৰ ওপৰলৈ যাবলৈ এওঁলোকৰ বাদে আৰু অইন কোনো লগত নাথাকিব। শিল্পীয়ে সদায় এইটোৱে বিচাৰে যে তেওঁ যি কাম কৰে সেইটোৰ বাবে তেওঁক কোনোৱে সঁহাৰি জনাওঁক নহ’লে শিল্পী আধৰুৱা হৈ পৰে। আৰু, সুশান্তেও জানিব বিচাৰিছিল যে তেওঁ যি কাম কৰি আছে সেয়াই দৰ্শকক আকৰ্ষণ বা সম্পৰ্ক স্থাপন কৰিব পাৰিছেনে নাই!

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.