Rupaliparda.com
চাৰিওফালে অক্ষয় কুমাৰঃ মুক্তি পাব ৭ খন ছবি - 1

চাৰিওফালে অক্ষয় কুমাৰঃ মুক্তি পাব ৭ খন ছবি –

ইখনৰ পিছত সিখন ছবিৰ মুক্তিৰ বিষয়ে প্ৰকাশ কৰিছে অভিনেতা অক্ষয় কুমাৰে। বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰৰ বছৰত ৪-৫ খন ছবিয়ে মুক্তি লাভ কৰে। কিন্তু “ক’ৰোণা” কালতো যেন এতিয়া ৰৈ থকা নাই অভিনেতা অক্ষয় কুমাৰ। এইবাৰ ৭ খন ছবি আৰু এখন ৱেব চিৰিজ মুক্তিৰ কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে। অক্ষয় কুমাৰৰ দুখন ছবি ক্ৰমে সূৰ্য়ৱংশী আৰু লক্ষ্মী বোম্ব মুক্তিৰ বাবে প্ৰস্তুত হৈ পৰিছে; ইয়াৰে “লক্ষ্মী বোম্ব” ছবিখন ইতিমধ্যে হটষ্টাৰত মুক্তি হ’ব বুলি ঘোষণা কৰা হৈছে। আনহাতে, আন এখন ছবি “ৱেল বোটম” ৰ শ্বুটিঙৰ বাবে অতি সোনকালেই বিদেশলৈ যাবলৈ সাজু হ’ব অভিনেতা অক্ষয় কুমাৰ আৰু ইয়াক ২০২১ চনৰ ২ এপ্ৰিল তাৰিখে মুক্তি দিয়া হ’ব। ইয়াৰ লগতে, অক্ষয় কুমাৰৰ ইতিহাস ধৰ্মী এখন ছবি “পৃথ্বীৰাজ” ৰো ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা হৈছে।

চাৰিওফালে অক্ষয় কুমাৰঃ মুক্তি পাব ৭ খন ছবি - 2
চাৰিওফালে অক্ষয় কুমাৰঃ মুক্তি পাব ৭ খন ছবি - 3


শেহতীয়াকৈ অক্ষয় কুমাৰে ঘোষণা কৰা “ৰক্ষাবন্ধন” ছবিখনে সকলোকে হতবাক কৰি তোলে। ইয়াৰ এখন পোষ্টাৰো মুকলি কৰা হৈছে চচিয়েল মিডিয়াত; আনন্দ এল ৰয় “ৰক্ষাবন্ধন” ৰ লগতে আন এখন ছবি “অতৰংগী”তো অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, অক্ষয় কুমাৰ য়শ ৰাজ ফিল্মচ আৰু একতা কাপুৰৰো এখন ছবিৰ সৈতেও জড়িত হৈ পৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.