Rupaliparda.com
"লক-ডাউন" অথবা "ক'ভিডে" আমাকো দিগদাৰ দিছে"- মৃন্ময় শইকীয়া(জীৱনৰ সন্ধানত) 1

“লক-ডাউন” অথবা “ক’ভিডে” আমাকো দিগদাৰ দিছে”- মৃন্ময় শইকীয়া(জীৱনৰ সন্ধানত)

২০২০ চনৰ বহু প্ৰত্যাশিত ছবিসমূহৰ ভিতৰত এখন আছিল “জীৱনৰ সন্ধানত”। এই ছবিখনৰ বিশেষত্ব আছিল ইয়াত অভিনীত চৰিত্ৰ কেইটা। মলয়া গোস্বামী, মৃদুলা বৰুৱা আৰু মাধুৰিমা চৌধুৰীৰ অভিনয়েৰে এই ছবিখনক লৈ হয়টো অপেক্ষাৰত বহু অনুৰাগী। তিনিগৰাকী অসমীয়া জ্যেষ্ঠ আৰু সুদক্ষ অভিনেতাৰ অভিনয়েৰে অভিনীত এই ছবিখনৰ আন এক বিশেষত্ব আছিল এয়াই যে সূদীৰ্ঘ ১২ বছৰৰ অন্তত এই ছবিখনৰ জৰিয়তে দেখিবলৈ পোৱা যাব মৃদুলা বৰুৱাক। অভিনেত্ৰী গৰাকীক বহু বছৰৰ পিছত ডাঙৰ পৰ্দাত দেখিবলৈ পাব বুলি লাভ কৰা সুবিধাকণে বৰ্তমান উৎফুল্লিত কৰি ৰৈছে তেওঁৰ অনুৰাগীকো। কেইবাখনো চুটি ছবিৰ পৰিচালক মৃন্ময় শইকীয়াৰ দ্বাৰা নিৰ্মিত এই ছবিখনত অগ্ৰগতিৰ বিষয়ে জানিবলৈ বিচৰাত পৰিচালক গৰাকীয়ে ৰূপালীপৰ্দাক জনায় যে, “আমাৰ চিনেমাৰ পোষ্ট প্ৰডাকচনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও আমি যিহেতু বৰ্তমান চিত্ৰগৃহ মুক্তিক লৈ ৰখিব লাগিব লগতে আমাৰ দুই প্ৰডাকচন হাউচ ক্ৰমে এম টেলিভিছন প্ৰাইভেট লিমিটেড আৰু সহকাৰী প্ৰডাকচন হাউচ নৰ্মাণ ষ্টুডিঅ’ ৱৰ্কচৰ সৈতে এই বিষয়ত কথা পাতি আছো যে থিয়েটাৰৰ যোগেৰে আমি ছবিখন কেতিয়াকৈ ৰাইজৰ ওচৰলৈ আনিব পাৰো। প্ৰথমতেটো ছবিখন চলিত মাহৰ চেপ্তেম্বৰ-অক্টোবৰ মাহতেই মুক্তি দিম বুলি ভাবিছিলো কিন্তু সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আমি ২০২১ চনলৈ হয়টো লৈ যাবগৈ লাগিব।”

"লক-ডাউন" অথবা "ক'ভিডে" আমাকো দিগদাৰ দিছে"- মৃন্ময় শইকীয়া(জীৱনৰ সন্ধানত) 2


তেওঁ আকৌ কয়, “২০২১ চনৰ মাৰ্চ-এপ্ৰিল মানলৈ হয়টো ছবিখনক মুকলি কৰিবলৈ আমি পাৰিম। ইয়াৰ লগতে, আমি যদি ছবিখনৰ বিষয়ে যদি অধিক ক’বলৈ যাওঁ তেনেহ’লে ক’ব লাগিব যে বৰ্তমান ছবিখনৰ সংগীতৰ কাম চলি আছে আৰু ফাইন এডিটিং তথা কালাৰ এডিটিঙৰ কাম চলি আছে। আমাৰ ছবিখনৰ সম্পাদনাৰ কামত ব্যস্ত আছে দেৱব্ৰত ফুকন। মই যদি ৰাইজৰ মাজত ছবিখনৰ আন এক বিশেষ কথাৰ বিষয়ে ক’বলগীয়া হয় তেতিয়াহ’লে ক’ম যে আমি ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্ব কোনো এজন নিৰ্দ্দিষ্ট ব্যক্তিৰ হাতত নাই দিয়া। জনসাধাৰণৰ মানসিক স্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি এই সংগীত সমূহ তিনিজন ভিন্ন নৱপ্ৰজন্মৰ পৰিচালকক দিছো; ইয়াৰে ভিতৰত এজন মুম্বাই প্ৰতিষ্ঠিত শিল্পী লগতে প্ৰত্যেকৰে প্ৰিয় অসম সন্তান নীলোৎপল বৰাৰ সৈতে আমি ইতিমধ্যে আমাৰ আলোচনা শেষ কৰিছো। যদি সকলো ঠিক থাকে তেতিয়াহ’লে সমগ্ৰ ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰিং কৰিব নীলোৎপল বৰাই। আনহাতে, ছবিখনৰ এটা সংগীতৰ সৃষ্টিৰ আঁৰত আছে বৰ্তমান যুৱপ্ৰজন্মৰ এগৰাকী উদীয়মান শিল্পী সান্নিধ্য ভূঞা; আশা কৰিছো যাতে সান্নিধ্য ভূঞাই বহু ভাল কৰক।

"লক-ডাউন" অথবা "ক'ভিডে" আমাকো দিগদাৰ দিছে"- মৃন্ময় শইকীয়া(জীৱনৰ সন্ধানত) 3


ইয়াৰ উপৰিও আন এটা গীতৰ দায়িত্বত আছে অনুৰাগ বৰুৱা; গুৱাহাটী বিশ্ববিদ্যালৰ এগৰাকী ছাত্ৰ আৰু খুব প্ৰতিৱান ল’ৰা তেওঁ। তেওঁয়ো আন এটা গীতৰ দায়িত্বত আছে। ছবিখন সম্পূৰ্ণ হ’বলৈ হয়টো আৰু ২-৩ মাহৰ আমাক প্ৰয়োজন হ’ব; তেতিয়ালৈ আমাৰ হাতত ৰাইজক দেখুওৱা পৰাকৈ ছবিখন পৰিব। এতিয়াও কিন্তু প্ৰশ্ন হৈ ৰৈছে আমি ছবিখন ৰাইজৰ মাজলৈ কেতিয়াকৈ উলিয়াই দিম। “লক-ডাউন” অথবা “ক’ভিডে” আমাকো দিগদাৰ দিছে; কেৱল আমি বুলিয়ে নহয় এই পৰিস্থিতিটোৱে বহু ভাল ভাল ছবিৰ মুক্তিত বিৰাম লগাইছে। এতিয়া বলীউডৰ যেনেকৈ ডাঙৰ ডাঙৰ ছবিৰ মুক্তিত জনসাধাৰণ ওলাই আহিব বুলি বিশ্বাস কৰো অথবা কৰিছো; অ’ হয়টো ১০ জন কম মানুহ আহিব কিন্তু তেওঁলোক আহিব গতিকে তেনেকৈয়ে আশা কৰিছো যে বলীউডৰ ছবিৰ প্ৰতি দৰ্শকে যেনে মৰম দেখুৱায়; তেনে এক মৰমে আমি আমাৰ প্ৰতি দেখুওৱাটো বিচাৰিছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform