Rupaliparda.com
এখন পেইন্টিঙে প্ৰভাৱ পেলাইছিল সুশান্ত সিং ৰাজপুতৰ জীৱনতঃ 1

এখন পেইন্টিঙে প্ৰভাৱ পেলাইছিল সুশান্ত সিং ৰাজপুতৰ জীৱনতঃ

দুমাহ পৰ্যন্ত কোনো সঠিক নিৰ্ণয়ত উপনীত হোৱা নাই সুশান্ত সিং ৰাজপুত কেছ। প্ৰতিদিনে কোনো নহয় কোনো নতুন তথ্যৰে আগবাঢ়িছে অভিনেতা গৰাকীৰ মৃত্যুৰ কথাটো। ৰিয়া চক্ৰৱৰ্তীয়ে দিয়া বিভিন্ন তথ্যই বৰ্তমান চৰ্চা লাভ কৰিছে সংবাদ মহলত। এইবাৰ তেওঁ এক ইউৰোপ ট্ৰীপৰ কথা কয় ৰিয়াই এখন চিত্ৰৰ কথা উল্লেখ কৰে যিখন দেখাৰ পিছত সুশান্তে নিজ মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছিল। ৰিয়াই কয় যে এই ইউৰোপ ট্ৰীপত তেওঁলোকৰ সৈতে ৰিয়াৰ ভাতৃ সৌভিকো আছিল। তেওঁলোক সেই ট্ৰীপটোত যোৱা সময়ত ৬০০ বছৰ পূৰণি ঐতিহাসিক হোটেলত ৰাতি আছিলে। উক্ত হোটেলখনৰ দেৱাল বোৰত পূৰণি পেইন্টিং কিছুমান অঁকা আছিলে। এই পেইন্টিং সমূহ দেখিয়ে সুশান্ত ভাৱনাত বুৰ গৈছিল বুলি উল্লেখ কৰে অভিনেত্ৰী ও প্ৰেয়সী ৰিয়াই।

এখন পেইন্টিঙে প্ৰভাৱ পেলাইছিল সুশান্ত সিং ৰাজপুতৰ জীৱনতঃ 2


এই অঁকা পেইন্টিং সমূহৰ ভিতৰত এখন বহুত ভয়ানক আছিল; য’ত এজন দৈত্যই নিজ সন্তানক খাই আছিল। ৰিপোৰ্টনুসৰি, ৰিয়া আৰু তেওঁৰ ভাতৃ হোটেলৰ অইন কোঠাত আছিল কিন্তু যেতিয়া ৰিয়া সুশান্তৰ কোঠালৈ আহিছিল তেতিয়া তেওঁ সুশান্তক এক অস্বাভাৱিক ৰূপত দেখিছিল। তেওঁ দেখিছিল যে সুশান্তে এডাল ৰূদ্ৰাক্ষৰ মালাৰে সৈতে মন্ত্ৰ আওঁৰাই আছে। সুশান্তক এই বিষয়ে সোধাত ৰিয়াক অভিনেতা গৰাকীয়ে কৈছিল যে, “মই সেই চিত্ৰৰ চৰিত্ৰবোৰক চাব পাৰি আছো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform