২০২০ চনৰ এখন সফল ছবি ৰূপে পৰিগণিত কৰিব পৰা এখন ছবিৰ মুক্তিত বৰ্তমান বাধাস্বৰূপ “লক-ডাউন” অথবা “ক’ভিড ১৯”। নৱপ্ৰজন্মৰ একাংশ উদীয়মান অভিনেতা-অভিনেত্ৰীক লগত লৈ নিৰ্মিত ছবি “দ্যা শ্লেম বুক” ৰ মুক্তিক লৈ এতিয়া অপেক্ষাৰত ছবিখনৰ পৰিচালক গৰাকীৰ লগতে ছবিখনৰ দুই মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেত্ৰী শ্ৰেষ্ঠা চৌধুৰী আৰু অভিনেতা নিৰূপম শইকীয়া। উক্ত ছবিখনে দৰ্শকক নষ্টালজিক কৰি তুলিব বুলি ইতিমধ্যে দৰ্শকক জনাইছিল ছবিখনৰ সৈতে জড়িত কলা-কুশলীয়ে। প্ৰেমে কঢ়িওঁৱা কাঁইটীয়া বাটত খোজ দি ভালপোৱা গৰাকীলৈ পোনোৱা বাটটোত অধিক যন্ত্ৰণাৰ সন্মুখীন হ’লেও ইয়াত থাকে এক ৰোমাঞ্চিত সুখ। এনে এক কাহিনীৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৰিচালক প্ৰাঞ্জল গৈয়াৰী আৰু প্ৰযোজক দেৱ বৰকটকীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই ছবিখন। “লক-ডাউনে” ৰ এই দীঘলীয়া সময়ছোৱাই সঁচাকৈ একাংশত জীৱনলৈ কঢ়িয়াইছে হতাশা।
“দা শ্লেম বুক” ৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ আৰু ইয়াৰ প্ৰযোজনা দেৱ বৰকটকীৰ। এই ছবিখনৰ সংগীত পৰিচালনা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছিল কামছীয়ে। উক্ত ছবিখনত কেইবাগৰাকীও ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছে। ছবিখনত অভিনয় কৰিছে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ দায়িত্বত আছে হেমন্ত শৰ্মা।
ছবিখনৰ বিষয়ে জনসাধাৰণক ভিন্ন ধৰণে অৱগত ৰখাৰ প্ৰয়াস কৰিছে বৰ্তমান ছবিখনৰ নৱাগত নিৰ্মাতা গৰাকীয়ে। চচিয়েল মিডিয়াত ভিন্ন পোষ্ট দি জনসাধাৰণক ছবিখনৰ বিষয়ে জনসাধাৰণক জানিবলৈ দিছে পৰিচালকগৰাকীয়ে।
Add comment